ক্ৰীড়াই সুস্বাস্থ্যৰ অধিকাৰী আৰু নিৰোগী কৰে মানুহক : মংগলছিং তিমুং

হামৰেণ এম এ চি কাপ ফুটবল চেম্পিয়নশ্বিপ

পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় ৮ নম্বৰ হামৰেন সমষ্টিৰ অন্তৰ্গৰ হাৰলং-ছেৱাতত অৱস্থিত মিনি ষ্টেডিয়ামত আজিৰে পৰা আৰু হয় হামৰেণ এম এ চি কাপ চেম্পিয়নশ্বিপ/২১ ফুটবল প্ৰতিযোগিতা । উল্লেখ্য যে অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনত উল্লেখিত সমষ্টিটোত থকা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিত্তিত মুঠ ২১ টাকৈ ফুটবল দলে প্ৰতিদ্বন্দিতাৰ লক্ষ্যৰে ইতিমধ্যে যোগদান কৰিছে ।

ইপিনে, আয়োজিত প্ৰতিযোগিতাৰ আজিৰ উদ্বোধনী খেলত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই হাৰলং-ছেৱাত আৰু লাংচদ ফুটবল দল দুটাই । উল্লেখ্য যে অনুস্থিত খেলখনত উপস্থিত থকা কে’বা শতাধিক দৰ্শক তথা সমৰ্থকক এক আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি এক উত্তেজনাপূৰ্ণ পৰিৱেশৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় দুয়োটা দলে ।

লগতে খেলখনৰ আৰম্ভণিৰে পৰা অন্তিম মুহূৰ্তলৈকে সুন্দৰ খেল প্ৰদৰ্শনেৰে এক আলোড়নৰ সৃষ্টি কৰে আৰু দুয়োটা দলে ইটোয়ে সিটো পক্ষক এক-এক গ’ল দিবলৈ সক্ষম হয় । বৰ্তমানত খেলখন লিক-মেচ পদ্ধতিত থকা বাবে গ’লৰ কোনো ব্যৱধান নোহোৱাকৈয়ে ৰেফাৰীয়ে খেলৰ সমাপ্তি ঘটায় ।

আনহাতে, অনুষ্ঠিত টুৰনামেন্টখনৰ খেলপথাৰত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংলছিং তিমুং, হামৰেন সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ’, হামৰেণ পৌৰসভাৰ অধ্যক্ষ বীৰেন তিচ্ছ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, হামৰেণ সমবায় সমিতিৰ অধ্যক্ষ জয়ছিং ইংতি, বিজেপি নেতা লংছিং ৰংফাৰ, ছেবীয় বে, আৰচঙ ৰংহাং উপস্থিত থাকে ।

Exit mobile version