বাঁহ-বেতৰ কৰ্মৰে উজ্বলিছে ব্ৰজেন মহন্ত

WhatsApp Image 2021 12 01 at 5.58.39 PM

যি সময়ত ৰাজ্যৰ লাখ লাখ নিবনুৱাই কৰ্মসংস্থাপন বিচাৰি বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ দুৱাৰে-দুৱাৰে ঘূৰি হাবাথুৰি খাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে, তেনে সময়তে তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰৰ সমীপৱৰ্তী ৰূপাই চাইডিং লাচিত নগৰৰ বাসিন্দা তথা কাকপথাৰ চেঙেলী গাঁওস্থিত চুপহা সত্ৰৰ ডেকা সত্ৰীয়া ৬০ৰ ঊৰ্ধ্বৰ ব্ৰজেন মহন্তই নিজা প্ৰচেষ্টাত বাঁহ, বেত আৰু কাঠেৰে বিভিন্ন সামগ্ৰী উৎপাদনেৰে নিজ ঘৰতে গঢ়ি তুলিছে ক্ষুদ্ৰ কুটিৰ শিল্পৰ উদ্যোগ ৷

দুবছৰৰ আগতে অসম চৰকাৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰি ব্যতিক্ৰমী স্বনিয়োজন আদৰ্শ গঢ়ি তুলিবলৈ সক্ষম হোৱা উদ্যমী, কৰ্মপটু তথা মাইথং গাঁও পঞ্চায়তৰ অন্তৰ্গত চেঙেলীৰ নিবাসী শিক্ষক স্বৰ্গীয় প্ৰেমকান্ত মহন্তৰ দ্বিতীয় পুত্ৰ ব্ৰজেন মহন্তই সৰু কালৰে পৰাই এক সত্ৰীয়া আধ্যাত্মিক পৰিৱেশত ডাঙৰ-দীঘল হৈছিল আৰু ঘৰতেই বাঁহ, বেত আৰু কাঠৰ বিভিন্ন সামগ্ৰী নিৰ্মাণৰ শিক্ষা লৈছিল ।

উল্লেখ্য যে, ব্ৰজেন মহন্তই বাঁহ, কাঠ আৰু বেতৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰি স্বাৱলম্বী হৈ আহিছে ৷ অসমীয়াৰ নামঘৰৰ মূল স্থান গুৰু আসন নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ বিশেষ ব্যুৎপত্তি দেখা যায় । তদুপৰি, তেওঁ বিভিন্ন ধৰণৰ বটলৰ ফুলদানি, কলহ, শৰাই, সঁফুৰা, পেন ষ্টেণ্ড, পেপাৰ ওৱেট, ধূপদানি,ট্ৰী-টেবুল, বাঁহৰ মূঢ়াৰ পৰা মানুহ, হাতী, গড়, বাঁহৰ চাইকেল, ফুলদানি, পশু-পক্ষীৰ মূৰ্তি, বঁতা, গামখাৰু, গগনা, বাঁহী আদি প্ৰস্তুত কৰি সামগ্ৰীসমূহ উপযুক্ত মূল্যত গ্ৰাহকক বিক্ৰী কৰে ।

ইতিমধ্যে, তেওঁ ভিন্ন প্ৰজাতিৰ বাঁহেৰে অতি আকৰ্ষণীয়কৈ ডলা চালনী আদি  ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী — বিভিন্ন ডিজাইনৰ কৰ্ণাৰ আৰু চেন্টাৰ টেবুল, মুঢ়া আদি তৈয়াৰ কৰিছে ৷ উল্লেখ্য যে, এই সামগ্ৰী সমূহ কেৱল অসমতে নহয়, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে অন্যান্য স্থান আদিতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

শিল্পীগৰাকীয়ে কে’বাগৰাকীও সহশিল্পীৰ সহযোগিতাত দৈনিক নতুন নতুন সামগ্ৰী উৎপাদন কৰাত মনোনিবেশ কৰিছে ৷ অৱসৰৰ পাছত পেঞ্চনৰ ধনেৰে জীৱন নিৰ্বাহ নকৰি নতুন উৎসাহেৰে বাঁহ, কাঠ আৰু বেতেৰে অসমীয়াৰ পৰম্পৰাগত শিল্পক কিঞ্চিত বাণিজ্যিকৰণেৰে নতুন প্ৰজন্মৰ সন্মুখত আদৰণীয় হিচাপে প্ৰতিষ্ঠা লাভ কৰা ব্ৰজেন মহন্ত সমাজৰ আদৰ্শ স্বৰূপ ।

Exit mobile version