Australia Parliament : অষ্ট্ৰেলিয়াত পার্লিয়ামেন্টৰ ৩৩ শতাংশ মহিলা কর্মচাৰী যৌন নিৰ্যাতনৰ বলি !

file 20191220 11919 1vuzh6o

আগন্তুক বৰ্ষৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াত নিৰ্বাচন হোৱাৰ সম্ভাৱনা । তাৰ আগতেই যথেষ্ট চাপত আছে স্কট মৰিছনৰ চৰকাৰ । দেশৰ মহিলা নাগৰিকৰ একাংশ‌ই সুৰক্ষিত নহয় বুলি প্ৰায়ে বিক্ষোভ সমাবেশত অংশগ্ৰহণ কৰে । কর্মক্ষেত্রত লিংগ বৈষম্যৰ অভিযোগো আছে দেশখনত । আজি প্রকাশিত এক প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে, অষ্ট্ৰেলিয়াৰ পার্লিয়ামেন্টত কর্মৰত কর্মচাৰীসকলৰ তিনিজনৰ ভিতৰত এজন যৌন নিৰ্যাতনৰ বলি ।

বিষয়টো প্রকাশ্যত অহাৰ পাছৰ পৰা উদ্বেগ বাঢ়িছে প্রধানমন্ত্রী স্কট মৰিছনৰ । পার্লিয়ামেন্টৰ কর্মচাৰীসকলৰ ওপৰত যৌন নিৰ্যাতনৰ বিষয়টো প্ৰকাশ্যত আহিছিল যোৱা ফেব্রুৱাৰীত । তাৰ পাছতেই বিষয়টো পর্যালোচনা কৰাৰ নির্দেশ দিছে মৰিছনে । সেই সময়ত পার্লিয়ামেন্টৰ এটা কাৰ্যালয়ত ধর্ষণৰ ঘটনা সংঘটিত হয় । বিষয়টো জনাৰ পাছত প্রধানমন্ত্রীয়ে জনায়, তেওঁ সকলোখিনি জানি বিস্মিত আৰু স্তম্ভিত ।

আজি প্রকাশিত প্ৰতিবেদন অনুসৰি, পার্লিয়ামেন্টৰেই তিনিজন সদস্যৰ ভিতৰত এজন যৌন নিৰ্যাতনৰ বলি হয় অথবা তেওঁলোকৰ ওপৰত যৌন নির্যাতনৰ চেষ্টা চলিছে । মৰিছনে আজি কয়, ‘‘এনে ধৰণৰ ঘটনাই পার্লিয়ামেন্টৰ প্রতিজন সদস্য আৰু তেওঁলোকৰ দলীয় কাৰ্যৰ ওপৰত প্রভাৱ পেলায় । ফলত পার্লিয়ামেন্ট তথা সমগ্ৰ দেশৰ কাৰ্যৰ ক্ষতি হয় ।’’ এই ঘটনা প্রকাশ্যত অহাৰ পাছৰ পৰাই বিৰোধীসকলে বিচাৰিছে, পার্লিয়ামেন্টৰ কর্মসংস্কৃতিক লৈ প্রধানমন্ত্রীয়ে বক্তব্য ৰাখক । মৰিছনৰ কনজাৰভেটিভ দলৰ জোঁটে চৰকাৰৰ ওপৰতো চাপ বৃদ্ধি কৰিছে ।

আজিৰ প্ৰতিবেদনত পার্লিয়ামেন্টৰ কর্মসংস্কৃতি উন্নয়নত ২৮টা আবেদন কৰা হৈছে । যাৰ ভিতৰত কর্মক্ষেত্রত লিংগ বৈষম্য বজায় ৰখা, মদ্যপানৰ নতুন নীতি আৰু মানৱ সম্পদ উন্নয়ন বিভাগ গঠনৰ দৰে বিষয় আছে ।

Exit mobile version