Petrol Price : দিল্লীত প্রতি লিটাৰ পেট্র’লত আঠ টকা হ্ৰাস

Petrol Diesel 1

পেট্র’লৰ মূল্যযুক্ত কৰ (ভ্যাট) হ্ৰাস কৰিলে দিল্লী চৰকাৰে । ৩০ শতাংশৰ পৰা হ্ৰাস কৰি ১৯.৪ শতাংশ কৰা হৈছে । বুধবাৰে দিল্লী চৰকাৰৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে । ফলত দিল্লীত পেট্র’লৰ মূল্য আঠ টকা কমিল । কৰ হ্রাসৰ ফলত পেট্র’লত নতুন মূল্য বুধবাৰে মাজ নিশাৰ পৰা কার্যকৰী হ’ব ।

ইণ্ডিয়ান অইল কর্প’ৰেছনৰ অনুসৰি, বর্তমান দিল্লীত পেট্র’লৰ মূল্য প্রতি লিটাৰত ১০৩ টকা ৯৭ প‌ইচা আৰু ডিজেলৰ মূল্য ৮৬ টকা ৬৭ প‌ইচা । দিল্লীত পেট্র’লৰ মূল্য হ্ৰাস পায় এশ টকাৰ তলত হ’ব ।

বিগত কিছু মাহ ধৰি ক্রমাগত মূল্য বৃদ্ধিৰ বাবে দেশত পেট্র’লৰ মূল্যই এশ টকা অতিক্ৰম কৰিছিল, ডিজেলৰ মূল্য‌ইও এশৰ ঘৰ চুইছে । এই মূল্যবৃদ্ধিৰ বাবে নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰকেই দোষাৰোপ কৰিছে বিৰোধীসকলে । দীপাৱলীৰ আগতে প্রতি লিটাৰ পেট্র’লত পাঁচ টকা আৰু ডিজেলত ১০ টকা হ্ৰাস কৰিছিল কেন্দ্র‌ই । ইয়াৰ পাছততেই কিছুসংখ্যক ৰাজ্য‌ই পেট্র’লৰ ওপৰত থকা কার্যকৰ মূল্যযুক্ত কৰ হ্ৰাস কৰে । মুখ্যমন্ত্ৰী কেজৰীৱালৰ চৰকাৰেও এই পথ অৱলম্বন কৰে ।

Exit mobile version