Sidharth-Shehnaaz: প্ৰয়াত অভিনেতা সিদ্ধাৰ্থৰ জন্মবাৰ্ষিকীৰ পূৰ্বে অমৃতসৰৰ অনাথ আশ্ৰমত শ্বেহনাজ গিল

Shehnaaz Gill And Sidharth Shukla 571 855

সিদ্ধাৰ্থ শুক্লা নাই। কিন্তু ৰৈ গৈছে তেওঁৰ স্মৃতি । ‘বিগ বছ ১৩’ বিজয়ী অভিনেতাগৰাকীৰ আকস্মিক মৃত্যুত তেওঁৰ পৰিয়াল, অনুৰাগী আৰু তেওঁৰ প্ৰেমিকা শ্বেহনাজ গিল আজিও শোকস্তব্ধ ।

যোৱা দুই ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতা সিদ্ধাৰ্থৰ শুক্লাৰ । ঘটনাৰ পাছত প্ৰায় এমাহ ধৰি তেওঁ সামাজিক মাধ্যমত সক্ৰিয় নাছিল।

অহা ১২ ডিচেম্বৰ প্ৰয়াত অভিনেতাজনৰ জন্মদিন। তাৰ কেইদিনমানৰ পুৰ্বেই, সিদ্ধাৰ্থৰ প্ৰেমিকাক দেখা গ’ল অমৃতসৰৰ এখন অনাথ আশ্ৰমত । টুইটাৰ যোগে বিভিন্ন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ প্ৰচাৰ কৰিছে ‘ছিদনাজ’ৰ অনুৰাগীসকলে ।

শ্বেহনাজৰ স’তে আছিল তেওঁৰ মাতৃও । শ্বেহনাজে অনাথ আৰু বিশেষ প্ৰয়োজনীয়তা থকা শিশুসকলৰ স’তে আশ্ৰমত সময় অতিবাহিত কৰে।

অনুৰাগীসকলে ভিডিঅ’ আৰু ছবি প’ষ্ট কৰি শ্বেহনাজক প্ৰশংসাও কৰে। বহুতে অনুভৱ কৰে যে সিদ্ধাৰ্থৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁ অনাথ আশ্ৰমত সময় কটাবলৈ গৈছে।

Exit mobile version