গুৱাহাটী প্ৰেছ ক্লাৱত বি বি ক্ৰিয়েচনৰ সংবাদমেল

89f0ff3e 8845 45b4 9391 b41a8db7c1e3

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত চাৰি আৰু পাঁচ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বি বি ক্ৰিয়েছনে আয়োজন কৰিছে শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে এই বিষয়ে সদৰী কৰে বি বি ক্ৰিয়েচনৰ কাৰ্যকৰী সভাপতি ডঃ ববী শৰ্মা বৰুৱাই ।

তেওঁ কয় ,এইবেলি ত্ৰয়োদশ সংখ্যক ৰাসলীলাৰ আয়োজন কৰা হৈছে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সন্ধিয়া ছয় বজাৰ পৰা অনুষ্ঠান পৰিবেশন কৰা হ’ব।

বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ৰাসলীলাত অসমীয়া ছবি জগতৰ ন-পুৰণি শিল্পীয়ে বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিব । এইবাৰৰ মূল আকৰ্ষণ হৈছে ১৫ ফুট উচ্চতাৰ পুতনা ৰাক্ষসীৰ নৃত্য প্ৰদৰ্শন , ময়ূৰৰ চালিধৰা নৃত্য, বলীয়া হাতীৰ তাণ্ডৱ,বকাসুৰ-অঘাসুৰৰ গোপবালকক ভক্ষণ কৰাৰ দৃশ্য ইত্যাদি।

উল্লেখ্য, প্ৰৱেশ বিনামূলীয়া এই ৰাসলীলাত অভিনেতা মম্মথ বৰুৱা, প্ৰীতিকংকণা, দেৱব্ৰত দাস, আশা বৰা ফুকন, সুলক্ষণা বৰুৱা ,পল ফুকনৰ লগতে কেইবাগৰাকীও শিশু শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব ।

আজিৰ সংবাদমেলত অধ্যাপক ডঃ জগদীশ পাটগিৰি, অভিনেতা মম্মথ বৰুৱা ,বসন্ত কুমাৰ বৰুৱা উপস্থিত থাকি উক্ত দুয়োটা দিনত দৰ্শক ৰাইজৰ উপস্থিতি কামনা কৰে ।

Exit mobile version