জেএছবি অসামৰিক চিকিৎসালয়ত লাখ লাখ টকাৰ ম্যাদ ওকলা ঔষধ জ্বলালে চিকিৎসালয় কৰ্তৃপক্ষই

চিৰাঙৰ কাজলগাঁওস্থিত জেএছবি অসামৰিক চিকিৎসালয়ত লাখ লাখ টকা মূল্যৰ ম্যাদ ওকলা ঔষধ জ্বলাই দিলে চিকিৎসালয় কৰ্তৃপক্ষই । চিকিৎসালয়ৰ চিকিৎসক ডা° পিএন পেটেলে জনায় যে ম্যাদ ওকলা ঔষধবোৰহে জ্বলাই দিয়া হৈছে । চিকিৎসালয়খনৰ চিকিৎসকসকলে চৰকাৰীভাৱে যোগান ধৰা ঔষধ নিলিখে আৰু চিকিৎসালয়ৰ পৰা ৰোগীসকলক ঔষধৰ যোগান ধৰা নহয় ।

ৰোগীয়ে বাহিৰৰ পৰা ঔষধ কিনিবলগীয়া হয় । যাৰ বাবে আজি লাখ লাখ টকা মূল্যৰ ঔষধ আজি ম্যাদ ওকলি যোৱাত জ্বলাব লগীয়া হৈছে ।

নিয়ম অনুসৰি ম্যাদ ওকলা ঔষধসমূহ ঔষধ নিৰ্মাতা কোম্পানিলৈ ঘূৰাই পঠাব লাগে । ঔষধ জ্বলোৱাৰ কোনো নিয়ম নাই । কিন্তু চিকিৎসালয়খনে ঔষধবোৰ ব্যৱহাৰ নকৰা বুলি ধৰা পৰাৰ ভয়ত আজি নিয়ম বহিৰ্ভূতভাৱে জ্বলাইছে ।

Exit mobile version