দুবছৰে প্ৰস্তুতেই নহ’ল ‘কা’ৰ বিধি

দেশজুৰি এন‌আৰচি প্ৰস্তুতৰ পৰিকল্পনা নাই, সংসদত স্পষ্ট কৰি দিলে কেন্দ্ৰ‌ই

nrc 1

দেশজুৰি বিতৰ্কৰ মাজতে দ্বিতীয়বাৰ ক্ষমতালৈ আহিয়ে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰিছিল নৰেন্দ্ৰ মোদী চৰকাৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সেই সময়ত কৈছিল যে প্ৰথমতে নাগৰিকত্ব সংশোধনী আইন (কা) হ’ব । তাৰ পাছত দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন‌আৰচি) প্ৰস্তুতৰ কাম আৰম্ভ হ’ব । অসমৰ পাছত দেশজুৰি এন‌আৰচি হ’ব বুলি শ্বাহে একাধিকবাৰ ঘোষণা কৰিছিল । ইয়াকে লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ । অৱশ্যে ‘কা’ গৃহত হোৱাৰ দুবছৰৰ পাছতো এই আইনৰ অধীনত বিধিসমূহ প্ৰস্তুত কৰা নহ’ল ।

এই পৰিস্থিতিত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাত সদৰী কৰে যে এই মুহূৰ্তত দেশজুৰি এন‌আৰচি প্ৰস্তুতৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰীয় চৰকাৰৰ । তৃণমূল কংগ্ৰেছৰ সাংসদ মালা ৰায়ে সংসদত চলা লোকসভাৰ অধিবেশনত দেশজুৰি এন‌আৰচিৰ কাম কেতিয়া আৰম্ভ হ’ব সেই সম্পৰ্কে লিখিত প্ৰশ্ন কৰে । ইয়াৰ উত্তৰত মন্ত্ৰী ৰায়ে সদৰী কৰে যে দেশজুৰি এন‌আৰচি প্ৰস্তুতৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰে ।

‘কা’ক কেন্দ্ৰ কৰি এসময়ত প্ৰৱল বিতৰ্ক হৈছিল আৰু এই পৰ্যন্ত এই আইনৰ ধাৰা প্ৰস্তুত কৰাত চৰকাৰ ব্যৰ্থ হৈছে বুলিও মানি লৈছে ৰায়ে । মন্ত্ৰীজনে কয়, ‘যিসকল ‘কা’ৰ আওতালৈ আহিব তেওঁলোকে আইনৰ ধাৰা প্ৰস্তুতৰ পাছতহে নাগৰিকত্ব লাভৰ বাবে আবেদন কৰিব লাগিব ।’ অসমত এন‌আৰচি প্ৰসংগত ৰায়ে কয়, ‘উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত এন‌আৰচি হৈছিল । ইয়াৰ স’তে সমগ্ৰ এন‌আৰচিৰ প্ৰস্তুতৰ কোনো সম্পৰ্ক নাই ।’

দুবছৰ পূৰ্বে ‘কা’ আৰু এন‌আৰচিক কেন্দ্ৰ কৰি উত্তাল হৈছিল সমগ্ৰ দেশ । প্ৰতিৱেশী পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় আতিশয্যৰ বলি হৈ পলায়ন কৰি অহা সেই দেশৰ ধৰ্মীয় সংখ্যালঘু, হিন্দু, শিখ, জৈন, পাৰ্চি, বৌদ্ধ আৰু খ্ৰীষ্টানসকলক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰে আইন । মুছলমানসকলক এই তালিকাৰ পৰা কিয় বাদ দিয়া হ’ল বুলি বিৰোধী সৰৱ হৈছিল । আইনখন ভাৰতীয় সংবিধানৰ বিৰোধী বুলিও দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল ।

সেই সময়তে অসমৰ পাছত পশ্চিমবংগত এন‌আৰচিৰ প্ৰস্তুতৰ দাবী বিজেপি নেতৃত্ব‌ই উত্থাপন কৰিলেও ৰায়ৰ উত্তৰত স্পষ্ট হৈছে যে উত্তৰ প্ৰদেশসহ পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে এন‌আৰচিক লৈ কোনো ধৰণৰ তৎপৰতা গ্ৰহণ কৰাৰ কথা মোদী চৰকাৰে ভবা নাই ।

ইপিনে, নাগৰিকত্ব সম্পৰ্কীয় আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে লোকসভাত তথ্য সদৰী কৰে যে ২০১৭ৰ পৰা এই পৰ্যন্ত ছয় লাখ আঠ হেজাৰ ১৬২ জন লোকে স্বেচ্ছাই ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে । চলিত ছেপ্টেম্বৰ পৰ্যন্ত ভাৰত ত্যাগ কৰিছে এক লাখ ১১ হেজাৰ ২৮৭ জনে ।

বিগত ২০১৬-২০২০ পৰ্যন্ত আনহাতে ১০ হেজাৰ ৪৬৫ জনে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন কৰিছে ইয়াৰ বিপৰীতে ৭৭৮২খন আবেদন পাকিস্তানী নাগৰিক আৰু ৭৯৫ খন আফগানিস্তানৰ নাগৰিকৰ । ইয়াৰ বাহিৰে কোনো ৰাষ্ট্ৰৰ বাসিন্দা নহয় অৰ্থাৎ ৰাষ্ট্ৰহীন ৪৫২ জনে নাগৰিকত্ব বিচাৰি আবেদন কৰিছে । সকলো চালি-জাৰি চাই বিগত চাৰি বছৰত ৪১৭৭ জন বিদেশীক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে ।

Exit mobile version