দৈনিক ৩০০ ভাৰতীয়ৰ ত্যাগ নাগৰিকত্ব, ৪১৭৭ জনক নাগৰিকত্ব প্ৰদান

Nityanand Rai PTI

বিগত পাঁচ বছৰত ছয় লাখৰাে অধিক ভাৰতীয়ই নিজৰ নাগৰিকত্ব ত্যাগ কৰিলে। অর্থাৎ গড় হিচাপত যােৱা পাঁচ বছৰত দৈনিক প্রায় ৩০০ জন ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছিল।

এই চাঞ্চল্যকৰ তথ্য লােকসভাত দাখিল কৰিলে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে। কেন্দ্রীয় মন্ত্রীজনে প্রকাশ কৰা অনুসৰি, যােৱা পাঁচ বছৰত ছয় লাখৰাে অধিক লােকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছে।

ৰায়ে লগতে কয় যে বৈদেশিক মন্ত্রণালয়ৰ হাতত উপলব্ধ তথ্য অনুসৰি মুঠ ১,৩৩,৮৩,৭১৮ জন ভাৰতীয় নাগৰিক বর্তমানে বিদেশত আছে।

সদনত এক লিখিত প্রশ্নৰ উত্তৰ দি গৃহ ৰাজ্যমন্ত্রীজনে কয় যে ২০১৭ বৰ্ষত ১,৩৩,০৪৯ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছিল।

২০১৮ বৰ্ষত ১,৩৪,৫৬১ জন, ২০১৯ত ১,৪৪,০১৭ জন, ২০২০ত ৮৫,২৪৮ জন আৰু চলিত বৰ্ষত ৩০ ছেপ্টেম্বৰলৈকে ১,১১,২৮৭ জন ভাৰতীয়ই নিজৰ নাগৰিকত্ব ত্যাগ কৰিলে ।

সদনত দেশত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) প্ৰৱৰ্তনৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি দাঙি ধৰি মন্ত্ৰী ৰায়ে তৃণমূল কংগ্রেছৰ সাংসদ মালা ৰায়ে উত্থাপন কৰা এক প্রশ্নৰ উত্তৰ দি কয় যে বর্তমানলৈকে কেন্দ্রীয় চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীয়ন প্রস্তুতকৰণৰ কোনাে সিদ্ধান্ত লােৱা নাই।

গৃহ ৰাজ্যমন্ত্রীজনে লােকসভাত কয় যে বিগত পাঁচ বছৰত ১০,৬৪৫ জন লােকে ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন দাখিল কৰিছিল।

এইসকল আবেদনকাৰীৰ ৪১৭৭ জনে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে। ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন দাখিল কৰা লােকসকলৰ ৭৭৮২ জন পাকিস্তানৰ, ৭৯৫ জন আফগানিস্তানৰ, ২২৭ জন আমেৰিকাৰ আৰু ১৮৪ জন বাংলাদেশৰ আবেদনকাৰী।

২০১৬ বৰ্ষত ১১০৬ জন লােকক ভাৰতীয় নাগৰিকত্ব প্রদান কৰা হৈছিল। ২০১৭ত ৮১৭ জন, ২০১৮ বৰ্ষত ৬২৮ জন, ২০১৯ বৰ্ষত ৯৮৭ জন আৰু ২০২০ বৰ্ষত ৬৩৯ জন লােকক ভাৰতীয় নাগৰিকত্ব প্রদান কৰা হৈছিল বুলি কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রীজনে সদনক অৱগত কৰে।

Exit mobile version