পাঁচ মিনিট নিষিদ্ধ ছবি উপভোগ কৰা শিশুক ১৪ বছৰৰ কাৰাদণ্ড উত্তৰ কোৰিয়াত

kim reuters

উত্তৰ কোৰিয়াত এজন ১৪ বছৰীয়া ছাত্ৰক এখন নিষিদ্ধ ছবি উপভোগ কৰাৰ অভিযোগত যোৱা সাত নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল । দক্ষিণ কোৰিয়াত নিৰ্মাণ কৰা এইখন ছবিৰ নাম আছিল ‘দ্য আংকল’ ।

ADVERTISEMENT

উল্লেখ্য যে উত্তৰ কোৰিয়াত দক্ষিণ কোৰিয়াৰ ছবি উপভোগ কৰাটো প্ৰচলিত আইন অনুসৰি এক অপৰাধ । যোৱা মাহৰ প্ৰথম সপ্তাহতে হাইচন চিটি স্কুলত অধ্যয়নৰত এজন দক্ষিণ কোৰিয়াৰ ছবি মাত্ৰ পাঁচ মিনিট সময় উপভোগ কৰাৰ অভিযোগত উত্তৰ কোৰিয়াৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । ছাত্ৰজনক এই অপৰাধৰ বাবে কীম জং উনৰ প্রশাসনে ১৪ বছৰৰ কাৰাদণ্ড বিহিলে ।

Exit mobile version