মাত্ৰ এবছৰৰ প্ৰস্তুতিৰে ২২ বছৰ বয়সতে আই এ এছ বিষয়া হ’ল এই যুৱতী

Screenshot 20210307 134314 Instagram

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত অসামৰিক সেৱাৰ পৰীক্ষা (আইএ‌এছ) যথেষ্ট প্ৰতিযোগিতামূলক আৰু কঠিন হিচাপে পৰিচিত । সাধাৰণতে আই এ এছৰ দৰে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলে কে’বা বছৰ ধৰি প্ৰস্তুতি চলায় । কিন্তু এটাংশ প্ৰাৰ্থীয়ে পৃথক ৰণনীতি আৰু কঠোৰ পৰিশ্ৰমৰে প্ৰথম প্ৰয়াসতে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক নিয়োগ পৰীক্ষাত সফলতা অৰ্জন কৰি আহিছে ।

এনে এগৰাকী ব্যতিক্ৰমী আই এ এছ বিষয়া হ’ল উত্তৰ প্রদেশৰ প্ৰয়োগৰাজৰ নিবাসী অনন্যা সিং । মাত্ৰ এবছৰৰ প্ৰস্তুতিৰে প্ৰথম প্ৰয়াসতে আই এ এছ পৰীক্ষাত সফলতা অৰ্জন কৰিছিল অনন্যাই । দশম শ্ৰেণীত ৯৬ শতাংশ, দ্বাদশত ৯৮.২৫ শতাংশ নম্বৰ লাভ কৰা অনন্যাই পাছত দিল্লীৰ শ্ৰীৰাম কলেজ অৱ কমাৰ্চত অৰ্থনীতি বিষয়ত স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিছিল ।

অনন্যাই শৈশৱৰ পৰাই আই এ এছ বিষয়া হ’ব বিচাৰিছিল আৰু তেওঁ স্নাতক তৃতীয় বৰ্ষতে আই এ এছ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল । দৈনিক সাত-আঠ ঘণ্টা ধৰি অধ্যয়ন কৰা অনন্যাই এবছৰ ধৰি এইদৰে নিজকে ইউ পি এছ চিৰ পৰীক্ষাৰ বাবে সাজু কৰিছিল আৰু ২০১৯ত প্ৰথমবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈ মাত্ৰ ২২ বছৰতে আই এ এছ বিষয়া নিৰ্বাচিত হৈছিল এইগৰাকী যুৱতী ।

উল্লেখ্য যে উক্ত বৰ্ষত অনন্যাই আই এ এছত ৫১ সংখ্যক স্থান লাভ কৰিছিল আৰু সম্প্ৰতি তেওঁ পশ্চিমবংগত আমোলা হিচাপে কৰ্মৰত । আই এ এছ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা পৰীক্ষাৰ্থীসকলক পৰামৰ্শ দি অনন্যাই কয় যে বিগত বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত নিয়মীয়াকৈ অনুশীলন কৰাৰ লগতে সকলো বিষয় পুংখানুপুংখভাৱে অধ্যয়নৰ অভ্যাস কৰিলে এই পৰীক্ষাত সহজে সফলতা অৰ্জন কৰিব পাৰি ।

Exit mobile version