শালবাৰীত ঘৰে ঘৰে ভেকচিন সজাগতাৰে মন্ত্ৰী ইউ জি ব্ৰহ্ম

ভেকচিন নোলোৱা লোক বঞ্চিত হ’ব চৰকাৰী সা সুবিধাৰ পৰা

aedc9a86 fcba 4fc3 8f11 fbf81170fb8e

বাগসাৰ শালবাৰীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰে মন্ত্ৰী ইউ জি ব্ৰহ্ম উপস্থিত হয় শালবাৰীৰ বিভিন্ন ঠাইত। মন্ত্ৰীগৰাকীক সংগ দিয়ে শালবাৰী মহকুমাৰ মহকুমাধিপতি লক্ষ্যজৌতি দাস, শালবাৰী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক মানৱ চৌধুৰী, শালবাৰী মহকুমাৰ টিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীকে আদি কৰি চিকিৎসক, নাৰ্চৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে৷

যিসকল লোক বৰ্তমানেও ক’ভিডৰ প্ৰথম পালি ভেকচিন লোৱা নাই সেইসকলক ঘৰে ঘৰে গৈ ভেকচিন দিয়া হৈছে৷সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কয় যে শালবাৰী মহকুমা হিচাপে ক’ভিড ভেকচিন প্ৰায় লোকে লৈছে আৰু ক’ভিডৰ হাৰ কম।

অহা পাঁচ ডিচেম্বৰলৈ ক’ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ হৈ যাব৷ কিছুমানৰ মনত এক ভূৱা ধাৰণা হোৱাৰ বাবেও কিছুসংখ্যকে ভেকচিন লোৱা নাই আৰু সেইসকলক বুজাই বঢ়াই ভেকচিন দিয়াৰ পৰ্ব এনেদৰে ঘৰে ঘৰে আৰম্ভ কৰা হৈছে৷

লগতে তেওঁ কয় যে এই কাৰ্যসূচীৰ যোগেদি ভাৰতক কৰ’নামুক্ত কৰাৰ লগতে অসমকো কৰ’নামুক্ত কৰিব লাগে৷ ভেকচিনক লৈ চৰকাৰৰ নীতি নিৰ্দেশনা সন্দৰ্ভত তেওঁ কয়,ভেকচিনৰ ক্ষেত্ৰত চৰকাৰৰ নীতি নিৰ্দেশনাবোৰ কঠোৰৰ পৰা কঠোৰ হৈ গৈ আছে৷

যিসকলে ভেকচিন নলয় তেওঁলোকক কোনো চৰকাৰী চিকিৎসালয়ত চিকিৎসা নকৰিব,কোনো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আবেদন কৰিব নোৱাৰিব,নামভৰ্তি কৰিব নোৱাৰিব৷একেদৰে চৰকাৰী বিভিন্ন সা সুবিধাৰ পৰা হয়তো ভেকচিন নোলোৱা সকল বঞ্চিত হ’বও পাৰে বুলিও কয় মন্তগৰাকীয়ে৷

Exit mobile version