সদ্যপ্ৰয়াত সংগীত শিল্পী ভূৱনেশ্বৰ মহিলাৰীৰ পৰিয়ালত মন্ত্ৰী ইউ জি ব্ৰহ্ম

ac18f619 e40c 4541 bc83 6fa3da9aa965

বাগসাৰ শালবাৰীৰ বাসিন্দা প্ৰখ্যাত সংগীত শিল্পী তথা অনাতাঁৰ শিল্পী ভূৱনেশ্বৰ মহিলাৰীৰ শালবাৰীৰ খানথালগুৰি গাঁৱৰ পৰিয়ালবৰ্গৰ বাসগৃহত আজি উপস্থিত হয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম।

মন্ত্ৰী ব্ৰহ্মই প্ৰয়াত সংগীত শিল্পী ভূৱনেশ্বৰ মহিলাৰীৰ পৰিয়ালবৰ্গৰ বাসগৃহত উপস্থিত হৈ মহিলাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

ভূৱনেশ্বৰ মহিলাৰীৰ মৃত্যু সংগীত তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ এক বৃহৎ ক্ষতি বুলিও মন্ত্ৰী ব্ৰহ্মই মত ব্যক্ত কৰে। ইফালে মন্ত্ৰী তথা সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক উৰ্খাও গৌৰা ব্ৰহ্মক আজি তেওঁৰ ভ্ৰমণৰ সময়ত সাউদৰভিঠাত সৰুপেটাৰ অন্যতম নাট্য সংগঠন তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নাট্য সংগঠন “মঞ্চ-সৰুপেটা”ৰ তৰফৰ পৰা উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

Exit mobile version