এ টি এমৰ পৰা ধন উলিওৱা অধিক ব্যয়বহুল হ’ব জানুৱাৰীত

atm

নতুন বছৰৰ প্ৰথম মাহৰ পৰাই দেশত এ টি এমৰ পৰা নগদ ধন উলিওৱা অধিক ব্যয়বহুল হ’ব। এক জানুৱাৰী ২০২২ৰ পৰা বেংকৰ গ্ৰাহকসকলে বিনামূলীয়া এ টি এম লেনদেনৰ নির্দিষ্ট সংখ্যা অতিক্রম কৰাৰ পাছত নগদ ধন উলিয়ালে অধিক মাচুল আদায় দিব লাগিব।

ADVERTISEMENT

এক্সিছ বেংকে প্রকাশ কৰা অনুসৰি, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নির্দেশ পালন কৰি পহিলা জানুৱাৰী ২০২২ৰ পৰা এক্সিছ বেংকসহ অন্যান্য বেংকে এ টি এমৰ বিনামূলীয়া লেনদেনৰ সংখ্যা পাৰ কৰাৰ পাছত গ্রাহকৰ পৰা অতিৰিক্ত বিত্তীয় লেনদেনৰ ক্ষেত্ৰত প্রতিবাৰে মাচুল হিচাপে ২১ টকা আৰু জি এছ টি আদায় ল’ব।

উল্লেখ্য যে বর্তমানে বেংকসমূহে এ টি এমৰ নির্দিষ্ট বিনামূলীয়া লেনদেনৰ সংখ্যাৰ পাছত অতিৰিক্ত লেনদেনৰ ক্ষেত্রত প্রতিবাৰে মাচুল হিচাপে ২০ টকা আৰু জি এছ টি আদায় কৰি আহিছে। গ্রাহকে প্রতি মাহে এ টি এমৰ পৰা পাঁচবাৰকৈ মাচুল অবিহনে ধন উলিয়াব পাৰিব।

Exit mobile version