কৰুণাধাৰাই আঁতৰাব প্ৰতিবন্ধকতা : ভূষণ দেৱ চৌধুৰী

830be2a7 53d8 458e af18 ef81c7f914dd

অসমৰ সমাজ জীৱনত কৰুণাধাৰাৰ অৱদান অনস্বীকাৰ্য । দৰিদ্ৰ , নিস্ব , দিব্যাঙ্গ আদি আৰ্থিক ভাৱে শোচনীয় লোকৰ সামূহিক কল্যাণৰ হকে জন্মলগ্নৰে পৰা কৰুণাধাৰাই সমৰ্পিত আবেদনেৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

এনে প্ৰেক্ষাপটতে ক’ব পাৰি কৰুণাধাৰাই সমাজৰ পৰা প্ৰতিবন্ধকতা আঁতৰাব । এই মন্তব্য বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ ।

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত আজি কৰুণাধাৰাৰ কেন্দ্ৰীয় সমিতিয়ে আয়োজন কৰা আৰু ডা০ হিতেশ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত উপায়ুক্ত দেৱ চৌধুৰীয়ে আৰু কয় যে সামূহিক প্ৰচেষ্টাৰে কৰুণাধাৰাক আৰু শক্তিশালী কৰিব লাগিব ।

অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ হৈ অবসৰী ডি আই জি প্ৰতুল ফুকন , নৰেশ্বৰ শৰ্মা , নৱজ্যোতি ভূঞাকে ধৰি ভালেকেইজন বিশিষ্ট লোকে অংশ গ্ৰহণ কৰাৰ উপৰিও ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিৰিঞ্চি কাৰ দাসো উপস্থিত থাকে ।

এই অনুষ্ঠানত ছয় গৰাকী ব্যক্তিক কৰুণাধাৰাৰ পৰা নহেজাৰকৈ টকা অৰ্থ সাহায্য আগবঢ়োৱা হয় । উল্লেখ্য বজালী শাখাৰ সম্পাদক নয়নেন্দ্ৰ দেৱ চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত ভালে সংখ্যক লোক উপস্থিত থাকে ।

Exit mobile version