বৰপেটা জিলাৰ কাদং আঞ্চলিক বিকলাংগ সন্থাৰ উদ্যোগত মহম্মদপুৰত পালন বিশ্ব প্ৰতিবন্ধী দিৱস

বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি আজি বৰপেটা জিলাৰ কাদং আঞ্চলিক বিকলাংগ সন্থাৰ উদ্যোগত মহম্মদপুৰত এক পদযাত্ৰা উলিওৱা হয়।

ADVERTISEMENT

পদযাত্ৰাত তেওঁলোকে বিকলাঙ্গ সকলক তিনি হেজাৰ টকাকৈ ভাট্টা দিয়ক, বিকলাংগ সকলক মানবীয় মৰ্য্যাদা প্ৰদান কৰক, চৰকাৰী চাকৰি আৰু চৰকাৰৰ প্ৰতিটো আঁচনিত বিকলাংগ সকলক তিনি শতাংশ সংৰক্ষিত কৰাৰ ব্যৱস্থা নিশ্চিত কৰক, আদি বিভিন্ন শ্লোগান দিয়া দেখা যায়।

আনহাতে কাদং আঞ্চলিক বিকলাংগ সন্থাৰ উদ্যোগত কাদং হাইস্কুল খেল পথাৰত সাত দিনীয়াকৈ বানিজ্য মেলাৰ আয়োজন কৰা হৈছে ।

Exit mobile version