ভাৰতীয় সেনাই লাভ কৰিব ৰাছিয়াৰ অত্যাধুনিক এ কে-২০৩ ৰাইফল

600e727f15e9f928d6718f27

অচিৰে ভাৰতীয় সেনাবাহিনীয়ে ৰাছিয়াৰ পৰা লাভ কৰিব এ কে-২০৩ এছল্ট ৰাইফল। ৰাছিয়াৰ ৰাষ্ট্রপতি ‌ভ্লাডিমীৰ পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে ভাৰত-ৰাছিয়াৰ মাজত সমৰাস্ত্ৰৰ লেনদেন বিষয়ক চূড়ান্ত চুক্তি স্বাক্ষৰিত হােৱাৰ সম্ভাৱনা আছে।

প্রকাশিত বাতৰি অনুসৰি, উত্তৰ প্ৰদেশৰ আমেথিত ৰাছিয়াৰ সহযােগত প্রায় চাৰে সাত লাখ এ কে ২০৩ এছল্ট ৰাইফল উৎপাদনৰ বাবে কাৰখানা স্থাপন কৰা হ’ব।

প্রাথমিকভাৱে ৰাছিয়াই প্ৰেৰণ কৰা যন্ত্রাংশৰে ৭০ হেজাৰ এ কে ২০৩ ৰাইফল আমেথিত উৎপাদন কৰা হ’ব। অহা ছয় ডিচেম্বৰত পুটিন ভাৰতলৈ আহিব।

এই ভ্রমণতে ৰুছ ৰাষ্ট্ৰপতিৰ স’তে ভাৰতৰ প্ৰধানমন্ত্রীয়ে এ কে ২০৩ ৰাইফলৰ লগতে এছ ৪০০ ক্ষেপণাস্ত্র প্ৰতিৰােধী ব্যৱস্থাৰ সন্দৰ্ভত চূড়ান্ত বুজাবুজিত উপনীত হােৱাৰ সম্ভাৱনা আছে।

Exit mobile version