মোক কিয় জন্ম দিয়া হৈছিল ?

চিকিৎসকক কাঠগৰাত থিয় কৰাই কোটি টকা পালে তৰুণীয়ে

1638432561 girl

মাতৃৰ প্ৰসৱ কৰাই সন্তান ভূমিষ্ঠ কৰােৱাই দোষ হ’ল এজন চিকিৎসকৰ। যাৰ বাবে বিপুল অংকও দিবলগীয়া হৈছে সেই চিকিৎসকে। সম্প্রতি এই চাঞ্চল্য সৃষ্টিকাৰী ঘটনা সংঘটিত হৈছে ব্রিটেইনত। কিয় তেওঁক ভূমিষ্ঠ কৰা হ’ল ?

কিয় তেওঁৰ মাতৃক প্ৰসৱৰ অনুমতি দিয়া হৈছিল ? এই অভিযােগ উত্থাপন কৰি মাতৃৰ চিকিৎসকৰ বিৰুদ্ধে কোটি টকাৰ গােচৰ তৰিছিল এগৰাকী তৰুণীয়ে।

সেই গােচৰত তেওঁ জয়লাভাে কৰিছে।কস্মিনকালেও নুশুনা এই ঘটনাই সম্প্রতি প্রৱল চাঞ্চল্য সৃষ্টি কৰে। এভি ট’ম্বিছ নামৰ ব্রিটেইনৰ ২০ বছৰীয়া যুৱতীগৰাকীয়ে তেওঁৰ মাতৃৰ চিকিৎসকৰ বিৰুদ্ধে তােলা অভিযােগে স্বাভাৱিকতে আচৰিত কৰি তুলিছে।

এতিয়া সেই যুৱতীয়ে গােচৰত জয়ী হােৱাত স্বাভাৱিকতে বিষয়টোৱে চর্চা লাভ কৰিছে। ‘দ্য ছান’ কাকতৰ প্রতিবেদন অনুসৰি, শাৰীৰিক দুর্বলতা লগত লৈ জন্ম হৈছিল এভিৰ।

জন্মৰ পৰাই তেওঁ আক্রান্ত আছিল ‘স্পাইনা বিফিডা’ নামৰ এক বিৰল ৰােগত। মেৰুদণ্ডৰ অসুস্থতাৰ বাবে কেতিয়াবা এভিয়ে ২৪ ঘণ্টাই টিউব সাহায্যত উঠা-বহা, খােজকঢ়া আদি কৰিবলগীয়া হয়।

এই ৰােগৰ বাবেই স্ত্রী-ৰােগ বিশেষজ্ঞ চিকিৎসক ফিলিপ মিচেলক কাঠগৰাত থিয় কৰালে যুৱতীয়ে। এভিয়ে আদালতত অভিযােগ কৰে যে অন্তঃসত্ত্বা অৱস্থাত তেওঁৰ মাতৃক চিকিৎসকজনে সঠিক পৰামর্শ প্রদান কৰা নাছিল।

চিকিৎসকজনে এভিৰ মাতৃক জনাব পাৰিলেহেঁতেন যে তেওঁৰ গৰ্ভস্থ সন্তান স্পাইনা বিফিডা ৰােগত আক্রান্ত হ’ব পাৰে।

এই আশংকা হ্রাল কৰিবলৈ অন্তঃসত্ত্বা মহিলাই ফলিক এচিডযুক্ত খাদ্য আৰু ঔষধ সেৱন কৰাটো প্রয়ােজনীয়। যুৱতীয়ে অভিযােগ কৰে যে চিকিৎসকে মাতৃক সেই পৰামর্শ দিয়া হলে হয়তাে আজি তেওঁৰ এই অৱস্থা নহ’লহেঁতেন।

অথবা তেওঁক হয়তাে জন্মই দিব নিবিচাৰিলেহেঁতেন মাতৃয়ে। এই অভিযােগক এক নজিৰবিহীন মামলা বুলিয়ে অভিহিত কৰিছে লণ্ডন উচ্চ ন্যায়ালয়ে।

ন্যায়াধীশে ৰায়ত কয় যে সঠিক সময়ত এই বিষয়ত এভিৰ মাতৃক অৱগত কৰা হ’লে তেওঁ হয়তাে সন্তান ধাৰণৰ বিষয়ত পলম কৰিলেহেঁতেন।

কেৱল সেয়াই নহয়, সুস্থ সন্তানৰাে জন্ম দিব পাৰিলেহেঁতেন। এভিৰ মাতৃয়েও উক্ত চিকিৎসকজনৰ বিৰুদ্ধে অনুৰূপ অভিযােগ উত্থাপন কৰিছে। এভিৰ যুক্তিক সমর্থন কৰিয়ে অৱশেষত চিকিৎসকক বিপুল অংকৰ জৰিমনা আদায় দিয়াৰ নিদের্শ দিছে লণ্ডন উচ্চ ন্যায়ালয়ে।

Exit mobile version