নিৰ্বাচনত দলীয় ব্যয় ৫৪ কোটিৰ অধিক

ৰাজ্যৰ পাঁচ সমষ্টিত বিজ্ঞাপন-বেনাৰ-প'ষ্টাৰৰ নামত ব্যয় ন কোটি

rupee 4395462 480

ৰাজ্যত চলিত বছৰৰ এপ্ৰিলত সম্পন্ন হৈ যোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলসমূহে ৫৪.২১৬ কোটি টকা ব্যয় কৰে । অৱশ্যে এয়া নিৰ্বাচন আয়োগক দাখিল কৰা হিচাপহে । এডিআৰে প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে । দেশৰ পাঁচ ৰাজ্যৰ বিগত নিৰ্বাচনত ৰাজনৈতিক দলসমূহে সংগ্ৰহ কৰা পুঁজি আৰু ব্যয়ৰ সন্দৰ্ভত এডিআৰে চলোৱা জৰীপৰ অন্তত শুকুৰবাৰে সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদনত শাসকীয় দল বিজেপিয়ে অসমত ১৯.২১৩ কোটি টকা ব্যয় কৰা বুলি প্ৰকাশ পাইছে । সংস্থাটোৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, বিগত নিৰ্বাচনত বিজেপিৰ ১৯.২১৩ কোটি ব্যয়ৰ বিপৰীতে ৪.৩০৭ কোটি টকা ব্যয় কৰে কংগ্ৰেছে ।

উল্লেখ্য যে এই নিৰ্বাচনত ব্যয় হোৱা উল্লিখিত ধনৰ ৯.০৮৪ কোটি প্ৰচাৰত, ২৯.৯৪ কোটি দলীয় প্ৰাৰ্থীক বিভিন্ন ব্যয়ৰ বাবে প্ৰদানত, যাতায়তৰ বাবদ ১৩.৪৫৫ কোটি, অন্যান্য শিতানত ১.২৬৮ কোটি টকা ব্যয় কৰা হৈছে । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলসমূহে সৰ্বমুঠ ৩৮.১৬৬ কোটি টকা পুঁজি সংগ্ৰহ কৰাৰ বিপৰীতে ২৩.৬৪৮ কোটি টকা খৰচ কৰে ।

নিৰ্বাচনৰ বিজ্ঞাপনত ৩.৫০৩ কোটি, বেনাৰ-প’ষ্টাৰ আদি লগোৱাৰ বাবদ ৩.৬৪ কোটি আৰু ৰাজহুৱা নিৰ্বাচনী সভাৰ বাবদ ৰাজনৈতিক দলসমূহে সৰ্বমুঠ ১.৯৪১ কোটি টকা খৰচ কৰা বুলি প্ৰকাশ কৰা হৈছে । ইয়াৰ উপৰি অসমত ষ্টাৰ কেম্পেইনাৰৰ যাতায়তৰ বাবদ ১১.৮৫৩ কোটি আৰু অন্যান্য নেতাৰ যাতায়াতৰ বাবদ ১.৬০২ কোটি টকা খৰচ হৈছে ।

উল্লেখ্য যে অসমসহ একাধিক ৰাজ্যত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত যাতায়াতৰ ক্ষেত্ৰত সৰ্বমুঠ ১১৯.৫৭ কোটি টকা খৰচ হৈছে য’ত ১১৩.৫৪৯ কোটিয়েই ষ্টাৰ কেম্পেইনাৰৰ বাবদ খৰচ হৈছে । তথ্য অনুসৰি, ইয়াৰে ৯৬.৫৪ কোটি ৰাষ্ট্ৰীয় দলসমূহৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা খৰচ কৰা হৈছে আৰু সংশ্লিষ্ট ৰাজ্যৰ ৰাজনৈতিক দলসমূহে যাতায়াতৰ ক্ষেত্ৰত ১৩.৪৫৫ কোটি ব্যয়ৰে শীৰ্ষত আছে অসম ।

একেদৰে সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, এই নিৰ্বাচনত বিজেপিৰ পুঁজি সংগ্ৰহ হৈছিল ২৭.৬৮৫ কোটি আৰু কংগ্ৰেছৰ পুঁজি সংগ্ৰহ হৈছিল ১০.০২৭ কোটি টকা । চিপিএম, চিপিআই, চিপিআই (এম‌এল)কে ধৰি এই আটাইকেইটা দলৰ মুঠ পুঁজি সংগ্ৰহ হৈছিল ৩৮.১৬৬ কোটি । ইয়াৰে ৫.৫০৪ কোটি নগদ আৰু ৩২.৬৬২ কোটি চেকৰ জৰিয়তে গ্ৰহণ কৰাৰ তথ্য সদৰী কৰিছে ।

উল্লেখ্য যে দেশৰ পাঁচ ৰাজ্যৰ নিৰ্বাচনত মুঠ ৭২০.৮০৮ কোটি টকা ব্যয় হৈছিল আৰু ১৯টা ৰাজনৈতিক দলৰ ভিতৰত বিজেপিয়ে সৰ্বাধিক ২৫২ কোটি টকা খৰচ কৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে । সমান্তৰালভাৱে এই ১৯টা ৰাজনৈতিক দলে নিৰ্বাচনত ১১১৬.৮১ কোটি পুঁজি সংগ্ৰহ কৰা বুলিও তথ্যত প্ৰকাশ পাইছে ।

Exit mobile version