- এসময়ত দুশ-তিনিশ বেপাৰীয়ে চলাই থকা বজাৰত বৰ্তমান আছেগৈ প্রায় ৭০ খনহে দোকান ।
- বজাৰখনৰ অধিকাংশ বেপাৰী এতিয়া পদপথত ।
- পাৰ্কিঙৰ নামত গ্ৰাহকক কৰা হাৰাশাস্তিৰ বাবেই বজাৰখনত গ্ৰাহকৰ উপস্থিতি সেৰেঙা হোৱাৰ অভিযোগ ।
- “সৰ্বানন্দ সোণোৱালৰ শাসনৰ সময়ছোৱাৰ পৰাই ঘোৰ অমানিশা নামি আহিল বজাৰখনলৈ”, মন্তব্য বজাৰ কমিটীৰ ।
- সংশ্লিষ্ট বিভাগৰ আমনোযোগিতাৰ বাবে ক্ৰমাৎ ধ্বংসৰ দিশলৈ গতি কৰিছে বজাৰখন ।
- দুবিঘা ভূমিৰ এই বজাৰখনত ব্যৱহাৰ নোহোৱাকৈ পৰি আছে বহু খালি ঠাই ।
- কৰ্তৃপক্ষৰ কিছু ভুল নীতিৰ বাবেই এসময়ৰ বিখ্যাত কল আৰু মাছৰ বজাৰখন ইয়াৰ পৰা নোহোৱা হ’ল ।
ADVERTISEMENT