Murder : ‘মৃতদেহ গণনা কৰি ক্লান্ত’, অ’মিক্রন আতংকৰ বার্তা লিখি পত্নী-সন্তানৰ হত্যা চিকিৎসকৰ

1638608104 death

মৃতদেহ গনি গনি ক্লান্ত তেওঁ । কৰ’না সংক্রমণৰ পৰা পত্নী, সন্তানক ‘ৰক্ষা’ কৰিবলৈ তেওঁলোকৰ হত্যা কৰিলে অ’মিক্রন আতংকত অতিষ্ঠ এজন চিকিৎসকে । হত্যা কৰাৰ আগতে হোৱাটছ‌এপত বার্তা দিছিল, ‘মৃতদেহ গণনা কৰি কৰি ম‌ই ক্লান্ত । অ’মিক্রনৰ সংক্রমণৰ পৰা কোনো ৰেহাই নাপাব । এনে পৰিস্থিতিৰ সন্মুখীন নহ’বৰ বাবে , মুক্তি দিছো ।’

উত্তৰ প্রদশৰ কানপুৰৰ এই চিকিৎসকৰ এনে কাণ্ডত শিয়ঁৰি উঠিছে সমগ্ৰ ৰাজ্য । আৰক্ষী সূত্রে খবৰ, পত্নী, সন্তানৰ হত্যা কৰাৰ পাছতেই ভাতৃক হোৱাটছ‌এপ্ বার্তা প্ৰেৰণ কৰে চিকিৎসকজনে । চিকিৎসকৰ এই ধৰণৰ বার্তা পাই ঘটনাস্থলীলৈ আহে ভাতৃ । তেওঁ আহি দেখে, এটা ঘৰত ৰক্তাক্ত অৱস্থাত পৰি আছে তেওঁৰ পত্নী । অন্য ঘৰত ভতিজা-ভতিজী । ইয়াৰ পাছতেই তেওঁ আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে জনায়, পত্নীক শ্বাসৰোদ্ধ কৰি আৰু দুই সন্তানক হাতুৰীৰে মূৰত মাৰি হত্যা কৰিছে চিকিৎসকজনে । আৰক্ষীক চিকিৎসকজনৰ ভাতৃয়ে জনোৱা অনুসৰি, তেওঁৰ জ্যেষ্ঠ ভাতৃ মানসিক অবসাদত ভুগিছিল । কিন্তু প্রশ্ন উত্থাপন হয়, অ’মিক্রন আতংকতেই হত্যা কৰিছে নে, ইয়াৰ লগত অন্য কোনো ৰহস্য জড়িত হৈ আছে । যদিও এই ঘটনাৰ পাছৰ পৰা পলাতক চিকিৎসকজন ।

তদন্তকাৰীসকলে চিকিৎসকজনৰ ঘৰৰ পৰা এটা ডায়েৰী উদ্ধাৰ কৰিছে । তাত তেওঁ হত্যাৰ কথা লিখিছে । ইয়াৰ উপৰি, অ’মিক্রনৰ কথাও ডায়েৰীখনত উল্লেখ কৰিছে তেওঁ । তদন্তকাৰীসকলৰ দাবী, ডায়েৰীত এইটোও স্পষ্টকৈ লিখা আছে যে, ‘এতিয়াৰ পৰা আৰু মৃতদেহ গণনা কৰিব নালাগিব । কৰ’নাই সকলোকে মাৰি পেলাব ।’

Exit mobile version