বিশ্বৰ ৩৮খন দেশত বিয়পি পৰিছে কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰন। যদিও এই পৰ্যন্ত অ’মিক্ৰনত মৃত্যু হোৱা নাই কোনো লোকৰ ।
তথাপিও নতুন এই ষ্ট্ৰেইনে চাৰিওফালে উদ্বেগ বৃদ্ধি কৰিছে । ইফালে, দক্ষিণ আফ্ৰিকাৰ (South Africa) বিশেষজ্ঞসকলে জনাইছে, শিশুসকলৰ ভিতৰত সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে ।
বিশেষজ্ঞসকলে প্ৰকৃততে কি জনাইছে ? শুকুৰবাৰে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা এখন সংবাদমেল অনুষ্ঠিত হয় । ‘নেচনেল ইনষ্টিটিউট অৱ কমিউনিকেবল ডিজিজ’ৰ এগৰাকী চিকিৎসক ৱাচিলা জাছেটে জনাইছে, “অতীতত আমি দেখিছোঁ যে শিশুসকলে মহামাৰীৰ কবলত পৰিব লগা হোৱা নাছিল।” কিন্তু শেহতীয়াকৈ আমি ১৫ ৰ পৰা ১৯ বছৰৰ ভিতৰত পাঁচ বছৰৰ তলৰ শিশু আৰু কিশোৰৰ মাজত সংক্ৰমণ বৃদ্ধি হোৱা দেখিছোঁ। সেই সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। বিশেষকৈ পাঁচ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত। “
কিন্তু সামগ্ৰিকভাৱে, শিশুসকলৰ মাজত সংক্ৰমণ বৃদ্ধিৰ হাৰ এতিয়াও খুব বেছি নহয়, বুলিও তেওঁ কয়। কিন্তু ইয়াৰ পূৰ্বৰ তুলনাত এইবাৰৰ সংক্ৰমণ সংখ্যা অধিক আৰু কৰ’না আক্রান্ত শিশু চিকিৎসালয়ত ভৰ্তি হোৱাৰ সংখ্যা বৃদ্ধি পাইছে বুলিও চিকিৎসগৰাকীয়ে কয়।
বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে জনাইছে যে অ’মিক্ৰন কিমান সংক্ৰামক, কিমান ঘাতক আৰু ইয়াৰ বিৰুদ্ধে ঔষধ বা ভেকছিন কিমান কাৰ্যকৰী সেই বিষয়ে প্ৰশ্নৰ উত্তৰ দিবলৈ কেইবা সপ্তাহ লাগিব।
এই পৰিস্থিতিত, প্ৰাথমিক ভাৱে প্ৰাপ্ত অপৰ্যাপ্ত তথ্যৰ ওপৰত দেখা গৈছে, নতুন ষ্ট্ৰেইন গুৰুতৰভাৱে সংক্ৰামক হ’লেও কিন্তু মৃদু লক্ষণ দেখা গৈছে । টিকাৰ দুটা পালি গ্ৰহণ কৰাৰ পাছতো লোকসকল প্ৰভাৱিত হৈছে। কিন্তু লক্ষণবোৰ মৃদু হোৱাৰ বাবে তেওঁলোক অৱশেষত সোনকালে আৰোগ্য হৈছে।
বিশেষজ্ঞসকলে সকলোকে কিছু পৰিমাণে সকাহ পালেও বৰ্তমানৰ বাবে সাৱধান হ’বলৈ কৈছে। বিশেষজ্ঞসকলে মাস্ক পিন্ধিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে আগৰ দৰে বাৰে বাৰে হাত ধোৱাৰ পৰামৰ্শ দিয়ে।