অ’মিক্ৰনৰ আতংকৰ মাজতে সুখবৰ !কৰ’না টিকা দুটা পালি গ্ৰহণ কৰিলে দেশৰ ৫০শতাংশ প্ৰাপ্তবয়স্ক

skynews covid coronavirus vaccine 5246942

অ’মিক্ৰন (Omicron) আতংকৰ মাজতে সুখবৰ । পুনৰ টিকাকৰণৰ ক্ষেত্ৰত মাইলখুটি অর্জন কৰিলে দেশে । ভাৰতত এই মুহূৰ্তত টিকাৰ (Covid Vaccine) দুটা পালি লোৱা সম্পন্ন হৈছে দেশৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৫০ শতাংশৰ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱীয়ে জনাইছে, “এইটো এটা গৌৰৱৰ মুহূৰ্ত। দেশৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৫০ শতাংশই টিকাৰ দুটা পালি গ্ৰহণ কৰিছে। “

উল্লেখ্য যে ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত ইতিমধ্যে ৬২ আৰু ৭৮ শতাংশ লোকে ইতিমধ্যে টিকাৰ সম্পূৰ্ণ পালি লাভ কৰিছে। টিকাকৰণ আৰম্ভ হোৱাৰ ১১ মাহৰ ভিতৰত, ভাৰতেও ৫০ শতাংশ স্পৰ্শ কৰি এক অভিলেখ স্থাপন কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছে, দেশত কমেও ১২৭ কোটিৰো অধিক লোকে এটা পালি টিকা গ্ৰহণ কৰিছে । যিটো যথেষ্ট সন্তোষজনক ।

ইফালে, ইতিমধ্যে আশংকা বৃদ্ধি কৰিছে অ’মিক্ৰ’নে । দক্ষিণ আফ্ৰিকাৰ প্ৰথম অনুসন্ধান পোৱা কৰ’নাৰ এই নতুন স্ট্ৰেইনে চাৰিওফালে উদ্বেগৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে দেশত প্ৰথমবাৰৰ বাবে অ’মিক্ৰনত আক্রান্ত লোকৰ সন্ধান পোৱা গৈছিল। যোৱা কেইদিনমানত এই সংখ্যাটো বৃদ্ধি পাইছে। দেওবাৰে তাঞ্জানিয়াৰ পৰা দিল্লীলৈ উভতি অহা এজন মানুহৰ শৰীৰতো অ’মিক্ৰনৰ উপস্থিতি পোৱা গৈছে।

Exit mobile version