কোন বহে ৫৭ হেজাৰটকীয়া চকীত

আৰটিআইৰ তথ্যতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন এক কেলেংকাৰিৰ সূচনা

ৰাজ্যৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ একোজন শিক্ষাৰ্থীক ৫৭,৩৯৯ টকাৰ মূল্যৰ কাঠৰ চকী যোগান ধৰে কৰ্তৃপক্ষই । আচৰিত যেন লাগিলেও বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই তথ্য‌ই প্ৰকাশ কৰিছে । উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহৰ বাবে প্ৰতিবছৰে কৰ্তৃপক্ষই কাঠৰ চকী, টেবুল, বিছনা আৰু ষ্ট্ৰীলৰ ৰেক ক্ৰয় কৰি আহিছে আৰু এই সামগ্ৰী ক্ৰয়ৰ বাবদ বিশ্ববিদ্যালয়ৰ শ কৰ্তৃপক্ষই ২০১৬ৰ পৰা ২০২০লৈ প্ৰায় ১,৬৯,৩৮,৫৭৪ টকা ব্যয় কৰিছে । এই সামগ্ৰীসমূহৰ ভিতৰত কাঠৰ চকীসমূহ মালিগাঁৱৰ মেছাৰ্ছ এন‌এছ‌আইচি লিমিটেডৰ পৰা ক্ৰয় কৰি অহা বুলি প্ৰকাশ কৰিছে ।

প্ৰকাশিত তথ্যৰ আধাৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহত মেছাৰ্ছ এন‌এছ‌আইচি লিমিটেডে প্ৰায় ৭,৩০০ টকাত একোখন টেবুল, ৮,৮০০ টকাত একোখন বিছনা আৰু ৩,৬০০ টকাত ষ্ট্ৰীল ৰেক যোগান ধৰি আহিছে । সেই অনুপাতে বিশ্ববিদ্যালয়ৰ শ কৰ্তৃপক্ষই মেছাৰ্ছ এন‌এছ‌আইচি লিমিটেডৰ পৰা বৰ্তমানলৈ ৭৪,৪৭,৮৫৫ টকাৰ সামগ্ৰী ক্ৰয় কৰিছে । ইয়াৰ বিপৰীতে ২০১৭-১৮ বৰ্ষত বিশ্ববিদ্যালয়ৰ শ কৰ্তৃপক্ষই বনলক্ষ্মী ফাৰ্ণিচাৰৰ পৰা একোখন কাঠৰ চকী ৫৭,৩৯৯ টকাত ক্ৰয়ৰ তথ্য পোহৰলৈ আহিছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ২০১৭ৰ ২৫ মাৰ্চত ছাত্ৰাবাসৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৪৮০৮ নম্বৰৰ অৰ্ডাৰ জৰিয়তে বনলক্ষ্মী ফাৰ্ণিচাৰৰ পৰা ১৪৭ খন কাঠৰ চকী ক্ৰয় কৰিছিল আৰু ইয়াৰ বিনিময়ত ব্যৱসায়িক প্ৰতিষ্ঠানটোক ৮৪,৩৭,৬১৯ টকা আদায় দিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । এই বনলক্ষ্মী ফাৰ্ণিচাৰৰ পৰাই পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৮-১৯, ২০১৯-২০ত তিনিবাৰকৈ কাঠৰ চকী ক্ৰয় কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই য’ত একোখন কাঠৰ চকীৰ বাবদ প্ৰায় তিনি হেজাৰকৈ টকা আদায় দিয়া হৈছিল ।

তথ্য অনুসৰি, ২০১৭ৰ ২৫ অক্টোবৰত ১৮৮ খন কাঠৰ চকী ৫,৫৫,৯১৪ টকাত, ২০১৯ৰ ১১ ফেব্ৰুৱাৰীত ৪২ খন কাঠৰ চকী ১,২৫,০৩৪ টকাত আৰু ১৬ ডিচেম্বৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বনলক্ষ্মী ফাৰ্ণিচাৰক ১২৫ খন কাঠৰ চকীৰ বাবদ ৩,৭২,১২৫ টকা আদায় দিছিল । এতিয়া প্ৰশ্ন হয় ৫৭ হেজাৰ টকীয়া কাঠৰ প্ৰকৃততে ছাত্ৰাবাসৰ শিক্ষাৰ্থীসকলক যোগান ধৰা হৈছিল নে আন এক কেলেংকাৰিয়ে বিশ্ববিদ্যালয়খন জোঁকাৰিব ?

ইফালে, প্ৰতিবছৰে ছাত্ৰাবাসত নতুন আচবাব যোগান ধৰা ‌হয় যদিও পুৰণি আচবাবসমূহ বৰ্তমান ক’ত তাৰ কোনো তথ্য নাই বিশ্ববিদ্যালয়ৰ শ কৰ্তৃপক্ষৰ ওচৰত । এই সময়ছোৱাত বিশ্ববিদ্যালয়ত পুৰণি সামগ্ৰী নিলামৰো কোনো নিৰ্দেশনা ওলোৱা নাই বুলি কৰ্তৃপক্ষই সদৰী কৰিছে । তেনেস্থলত পুৰণি সামগ্ৰীসমূহ প্ৰকৃততে ক’লৈ যায় নে পুৰণি সামগ্ৰীকে নতুন দেখুৱাই লাখ লাখ টকা আত্মসাৎ কৰি আহিছে প্ৰকৃত তদন্ততহে সেয়া পোহৰলৈ আহিব ।

Exit mobile version