বালিজান ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হোৱা বদৌচা কাপত ডুমডুমা মৰনিং ক্লাৱ জয়ী

f7b202c5 98a5 41bc a143 a0686c7eadeb

বদৌচা স্পৰ্টচ ক্লাৱৰ উদ্যোগত,অসম ক্ৰীড়া সন্থাৰ তত্বাৱধানত অসমৰ ১৬ টা স্থানত কালিৰ পৰা আৰম্ভ হোৱা আন্ত:ৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক ১৩ সংখ্যক ‘বদৌচ কাপ’ৰ আজি বালিজান ৰাজহুৱা খেলপথাৰত ডুমডুমা মৰনিং ক্লাৱ বনাম কাকপথাৰ এফ চি মাজত মাজত হোৱা খেলখনত ডুমডুমা মৰনিং ক্লাৱে কাকপথাৰ এফ চি দলক ৩-০ গ’লত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট লাভ কৰে।

ডুমডুমা মৰনিং ক্লাৱৰ হৈ চান্টুল মুণ্ডাই ১৬ মিনিটত এটা আৰু মহেন্দ্ৰ শইকীয়াই ২৭ আৰু ৪৮ মিনিটত দুটাকৈ গ’ল দিয়ে । খেল পৰিচালনা কৰে মুখ্য পৰিচালক হিচাপে ইনুট চাউৰকে ,সহযোগী পৰিচালক হিচাপে সহায় কৰে ৰিয়াত চুতীয়া আৰু ৰকী চাউৰকে চতুৰ্থ ৰেফাৰী হিচাপে ইনুত চাউৰকে সহায় কৰে ।

আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে ডুমডুমা মৰনিং ক্লাৱৰ চান্টুলা মুণ্ডাই ৷ বুঢ়ীদিহিংৰ ডিব্ৰুপুৰীয়া খেলপথাৰত ন তাৰিখে মুখামুখি হ’ব কাকপথাৰ এফ চি বনাম মৰাণ টাউন ক্লাৱৰ মাজত ৷

Exit mobile version