শালবাৰীৰ ৰাজাবিলত পুনৰ পিঞ্জৰাবদ্ধ হ’ল হিমালয়ৰ কলা ভালুক

দহটা দিনত শালবাৰীত পিঞ্জৰাবদ্ধ চাৰিটাকৈ ভালুক

মানাহৰ ভালুকে অৰণ্য এৰি সঘনাই জনাঞ্চলত প্ৰৱেশৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে বন বিভাগক, সমান্তৰালভাৱে ত্ৰাসিত হৈ পৰিছে মানাহৰ দাঁতিকাষৰীয়া ভিন্ন গাঁওৰ ৰাইজ৷

ADVERTISEMENT

উল্লেখযোগ্য যে কালি শালবাৰীৰ ৰাজাবিলৰ সমীপৱৰ্তী ঠাকুমাপাৰা চুবাত এটি ভালুক বন বিভাগে পিঞ্জৰাবদ্ধ কৰাৰ পাছত আজি ৰাজাবিলৰ জনাঞ্চলত প্ৰৱেশ কৰা এটি “হিমালয়ান ব্লেক বিয়েৰ” পুনৰ পিঞ্জৰাবদ্ধ কৰে বন বিভাগে৷

তথ্য অনুসৰি কালি নিশাৰ ভাগতেই ৰাজাবিল গাঁওত প্ৰৱেশ কৰা ভালুকটোৱে গাঁওখনৰ এঘৰ মানুহৰ কুকুৰা গঁড়ালত কুকুৰা মাৰি খাইছিল৷ গাঁওখনত ভালুক প্ৰৱেশৰ এই খবৰ বন বিভাগক জনোৱাত ততালিকে মানাহৰ ভূঞাপাৰা ৰেঞ্জৰ বন বিভাগৰ এটি দলে ৰাজাবিলত উপস্থিত হৈ নিশাই ভালুকটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰে যদিও অসফল হয়৷

আজি ৰাতিপুৱা পুনৰ বাঁহবাৰী আৰু ভূঞাপাৰা ৰেঞ্জৰ বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ ভালুকটোক পিঞ্জৰাবদ্ধ কৰাৰ অভিযান আৰম্ভ কৰে ৷

পুৱাৰ ভাগত গাঁওখনৰ এঘৰ লোকৰ বাঁহনিৰ তলত আশ্ৰয় লৈ থকা ভালুকটোক জালত পেলাবলৈ হাতীৰ সহায়ত বিভিন্ন প্ৰচেষ্টা কৰা হয়৷ ইফালে বাঁহনিৰ তলতে ভালুকটোক চিকিৎসকে ট্ৰেংকুলাইজ কৰাৰ বাবে তিনিবাৰকৈ “ডোজ” নিক্ষেপ কৰে যদিও ব্যৰ্থ হয়৷

তৃতীয়বাৰৰ ট্ৰেংকুলাইজ ডোজ গাত পৰাৰ পাছতো ভালুকটোৱে উক্ত স্থান এৰি দৌৰি প্ৰায় ডেৰশ মিটাৰ নিলগৰ আন এডৰা বাঁহনিৰ তলত আশ্ৰয় লয়৷

অৱশেষত দুপৰীয়াৰ ভাগত উক্ত বাঁহনিডৰাৰ তলতেই চিকিৎসকে ভালুকটোক ট্ৰেংকুলাইজ কৰাৰ পিছত পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়৷ পিঞ্জৰাবদ্ধ ভালুকটোক বন বিভাগে ভূঞাপাৰা ৰেঞ্জৰ দৈমাৰী এলেকাৰ ভালুকৰ আৱাসস্থলীত মুকলি কৰি দিয়াৰ যোজা কৰা বুলি জনায় মানাহৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণীধৰ বড়োৱে ৷

উল্লেখযোগ্য যে বিগত দিনকেইটাত মানাহৰ দাঁতিকাষৰীয়া ভিন্ন স্থানত সঘনাই মানাহৰ ভালুকে জনাঞ্চলত প্ৰৱেশ কৰা কাৰ্যই উদ্বিগ্ন কৰি তুলিছে বন বিভাগক৷

ধৰণীধৰ বড়োই ভালুকৰ জনাঞ্চলত প্ৰৱেশৰ এই কাৰ্য কোনো সংঘাতৰ পৰিৱৰ্তে মূলতঃ খাদ্যাভাৱৰ বাবেই সংঘটিত হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰাৰ উপৰি অতি সম্প্ৰতি পশ্চিমবঙ্গতো এনে ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে৷

উল্লেখ্য যে,যোৱা ২৬ নৱেম্বৰত শালবাৰীৰ কালপানী,৩০ নৱেম্বৰত নাৰায়ণগুৰি,৪ ডিচেম্বৰত ৰাজাবিল ঠাকুমাপাৰাত উদ্ধাৰ হৈছিল আন তিনিটা ভালুক৷

Exit mobile version