কৰ’না সংক্ৰমণ (Covid-19)প্ৰতিৰোধ কৰিব পাৰে এক প্ৰকাৰৰ চুইংগামে (Chewing Gum) ।শেহতীয়াকৈ এটা গৱেষণাত এই কথা দাবী কৰিছে গৱেষকৰ এটা দলে।
এতিয়ালৈকে, সমগ্ৰ বিশ্বতে তথ্য পোৱা গৈছে যে চাৰ্চ কোভ ২ ভাইৰাছ মুখ্যতঃ মুখৰ লেলাৱতিৰ পৰা সংক্ৰমিত হয়। সেইকাৰণে মাস্ক পিন্ধাৰ ক্ষেত্ৰত কঠোৰ চিকিৎসকসকল।
গৱেষকসকলে দাবী,এক নিৰ্দিষ্ট প্ৰকাৰৰ চুইংগামে লেলাৱতিত ভাইৰাছটো ধৰি ৰাখি চাৰ্চ-কভ-২ ভাইৰাছটো শৰীৰত বিয়পিবলৈ নিদিয়ে। যেতিয়া কোনোবাই সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহে তেতিয়া ই সংক্ৰমণৰ আশংকাও হ্ৰাস কৰে।
বৰ্তমানৰ গৱেষণাপত্ৰত প্ৰকাশিত হৈছে আন্তৰ্জাতিক বিজ্ঞান গৱেষণা আলোচনী ‘মলিকিউলাৰ থেৰাপী’ (Molecular Theory)ত ।
অধ্যয়নত কোৱা হৈছে, ডেল্টা-সহ কৰ’না ভাইৰাছৰ যিমানবোৰ ষ্ট্ৰেইন এই পৰ্যন্ত পোৱা গৈছে,সেই সকলোবোৰ বন্ধ কৰিব পাৰে গৱেষকসকলে তৈয়াৰ কৰা চুইংগামে।অৱশ্যে, শেহতীয়া স্ট্ৰেইন অ’মিক্ৰনৰ ক্ষেত্ৰত এই চুইংগাম কিমান কাৰ্যকৰী হ’ব তাক লৈ গৱেষকসকল বিভ্ৰান্ত হৈছে।
চুইংগাম স্বাস্থ্যৰ বাবে উপকাৰী বুলিও কয় বিজ্ঞানীসকলে ।চুইংগামৰ ভিতৰত থকা কেলচিয়াম আৰু বাইকাৰ্বোনেটৰ দৰে পদাৰ্থই মুখৰ ভিতৰত ক্ষতিকাৰক বেক্টেৰিয়াৰ পৰিমাণ হ্ৰাস কৰে।
তথাপিও বৰ্তমানৰ অধ্যয়নটো আছিল স্বতন্ত্ৰ । চুইংগামে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিব পাৰে নে নাই সেই ধাৰণাটো প্ৰকৃততে যুগান্তকাৰী।
তথ্য অনুসৰি বিশেষ চুইংগামটো যথেষ্ট পৰিমাণৰ এছই-২ প্ৰ’টিন (ACE2 Protein )ৰে তৈয়াৰ কৰা হয় হৈছে। উদ্ভিদৰ দ্বাৰা তৈয়াৰ কৰা সেই প্ৰ’টিনটো বৃহৎ পৰিমাণত ব্যৱহাৰ কৰা হৈছে। গৱেষকসকলে কয় যে এই প্ৰ’টিনে মুখত লেলাৱতিৰ সংক্ৰমণ প্ৰতিহত কৰাত সহায় কৰে।
আমেৰিকা পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ (University of Pennsylvania) গৱেষকসকলে জনাইছে যে লেলাৱতিৰ স’তে মিহলি হৈ পাঁচ মিলিগ্ৰাম ওজনৰ চুইংগামে মুখৰ ভিতৰত থকা কৰ’না ভাইৰাছৰ সংক্ৰমণ যথেষ্ট হ্ৰাস কৰে।
প্ৰ’টিন যোগ কৰা ৫০ মিলিগ্ৰাম ওজনৰ চুইংগাম সংক্ৰমণ ৯৫ শতাংশলৈকে হ্ৰাস কৰিব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই সংক্ৰমণৰ সংস্পৰ্শলৈ অহা আন সকলকো সুৰক্ষা দিব।