Covid 19: বৰদিনৰ পুৰ্বেই বজাৰলৈ আহিব কৰ’না ঔষধ

I7hOXgiIW7aZRvHHas4t

কৰ’না (Covid19) ভেকছিন আৱিষ্কাৰ কৰা হৈছে যদিও এতিয়াও বজাললৈ অহা নাই কৰ’নাৰ ঔষধ । এতিয়াও কোনো টেবলেট বা কেপচুল ওলোৱা নাই যি কৰ’নাক প্ৰতিৰোধ কৰিব পাৰে ।

এইবাৰ তাৰ বাবেই কিছু চিন্তা চৰ্চা কৰি আছে ইংলেণ্ডে। এইবাৰ ইংলেণ্ডৰ বজাৰলৈ আহিব ঘৰতে চিকিৎসা কৰিব পৰা কৰ’না ঔষধ । অ’মিক্ৰন (Omicron)ৰ সংক্ৰমণৰ উদ্বেগৰ সন্মুখত এই ঔষধৰ আগমনে এতিয়া আশাৰ ৰেঙনি আনিছে ।

এক আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, Molnupiravir নামৰ এই ঔষধটো সম্ভৱত বৰদিনৰ আগেই প্ৰয়োগ কৰা আৰম্ভ কৰিব ইংলেণ্ডে । শেহতীয়াকৈ এই কথা জনাইছে দেশৰ স্বাস্থ্য সচিব ছাজিদ জাভিদে ।

ৰাষ্ট্ৰীয় পৰ্যায়ত এই ঔষধ প্ৰয়োগ কৰিবলৈ এটা পাইলট প্ৰকল্প আৰম্ভ কৰিবলৈ সাজু হৈছে ইংলেণ্ড । এই ঔষধটো কেনেদৰে দিয়া হ’ব?

প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে এই ঔষধ বিতৰণ কৰা হ’ব কৰ’নাত আক্ৰান্ত লোকৰ ঘৰত । তেওঁলোকৰ শৰীৰত ধৰা পৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত এই ঔষধ বিতৰণ কৰা হ’ব।

লগতে প্ৰশাসনে এইটো জনায় যে ,এই ঔষধে শৰীৰৰ ওপৰত কৰ’নাৰ প্ৰভাৱ যথেষ্ট হ্ৰাস কৰিব। ইয়াৰ অৰ্থ হৈছে যে কৰ’নাৰ বাবে যিসকল চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয় ,এই ঔষধটোৱে তেওঁলোকৰ শৰীৰৰ এই সম্ভৱনাৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰিব পাৰে।

ফলস্বৰূপে, প্ৰশাসনে অনুভৱ কৰে যে চিকিৎসালয়ত ভৰ্তি হোৱাৰ সংখ্যা যথেষ্ট হ্ৰাস হ’ব । অৱশ্যে, ঔষধৰ ওপৰত মতভেদও আছে।

ঔষধটোৰ বিষয়ে আলোচনা আৰম্ভ হোৱাৰ পাছতে ইংলেণ্ডৰ মুখ্য স্বাস্থ্য সঞ্চালকে এখন সংবাদমেলত কৈছিল যে প্ৰশাসনে ঔষধটোৰ ব্যৱহাৰৰ বিষয়ে অধিক সাৱধান হোৱা উচিত।

কিয়নো শৰীৰত অ’মিইক্ৰন সংক্ৰমণৰ প্ৰতি ই কেনে প্ৰতিক্ৰিয়া দেখুৱাব সেয়া এতিয়াও জনা হোৱা নাই। ঔষধটো আমেৰিকাৰ ঔষধ নিৰ্মাণ কোম্পানী মাৰ্কে তৈয়াৰ কৰিছে।

Exit mobile version