আনন্দ বজাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক্তন প্ৰধানাচাৰ্যৰ দেহাৱসান

salbari teacher

বাগসাৰ আনন্দ বজাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাক্তন প্ৰধান আচাৰ্য তথা শালবাৰী ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক ধৰণীধৰ দাসৰ আজি ৫২ বছৰ বয়সত মৃত্যু হয় ৷ বাগসাৰ শালবাৰীৰ চমুৱাগাতি গাঁৱৰ বাসিন্দা ধৰণীধৰ দাসে ১৯৯৬তে আনন্দ বজাৰৰ মাজমজিয়াত স্থাপন হোৱা বিদ্যাভাৰতীৰ অধীনস্থ শংকৰদেৱ শিশু নিকেতনত প্ৰতিষ্ঠাপক প্ৰধান আচাৰ্য হিচাপে যোগদান কৰি প্ৰায় কুৰি বছৰ কাল সেৱা আগবঢ়াই প্ৰায় পাঁচবছৰ পূৰ্বে চৰকাৰী বিদ্যালয়ত শিক্ষকতাৰ চাকৰি লাভ কৰিছিল ৷

বাগসা জিলা সদৰ মুছলপুৰৰ এখন মধ্য ইংৰাজী বিদ্যালয়ত চৰকাৰী শিক্ষকতাৰ নিযুক্তি লাভ কৰাৰ পাছত তেওঁ বদলিক্ৰমে গাতিৰ নেহৰু হাইস্কুল আৰু মৃত্যুৰ আগমুহূৰ্তলৈ শালবাৰী ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক হিচাপে কাম কৰি আছিল ৷

অতি অমায়িক, ভদ্ৰ, সহজ সৰল গুণৰ অধিকাৰী নিকেতনৰ প্ৰাক্তন প্ৰধানাচাৰ্য তথা শিক্ষক ধৰণীধৰ দাস কেইমাহমান পূৰ্বে আক্ৰান্ত বৃক্ক ৰোগত হৈছিল ৷ পৰিয়ালৰ লোকে বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি মাজতে সুস্থ কৰি তুলিছিল যদিও পিছলৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত তেওঁৰ যে দুয়োটা বৃক্কই বিকল হৈ পৰিছে সেই খবৰ লাভ কৰিছিল পৰিয়ালৰ লোকে ৷ মৃত্যুৰ পূৰ্বে গুৱাহাটীৰ গেট হাস্পতালত চিকিৎসাধীন হৈ আছিল ধৰণীধৰ দাস আৰু আজি ৰাতিপুৱাৰ ভাগত চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যুক সাৱতি লয় দাসে ৷

উল্লেখ্য যে গুৱাহাটীৰ পৰা পোনে পোনে আনন্দ বজাৰ শংকৰদেৱ শিশু নিকেতনলৈ প্ৰধানাচাৰ্যগৰাকীৰ মৃতদেহ লৈ অনা হয় আৰু নিকেতনৰ আচাৰ্য-আচাৰ্যা, ছাত্ৰ-ছাত্ৰী, অভিভাৱক,‌ নিকেতন পৰিচালনা সমিতিৰ বিষয়ববীয়া সমন্বিতে স্থানীয় দল-সংগঠন আৰু অজস্ৰ গুণমুগ্ধই মৃতদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেওঁৰ মৃত্যুত বৃহত্তৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰে ৷

মৃত্যুৰ সময়ত দাসে পত্নী অৰ্পণা দাস, কন্যা মিতালী দাস, পুত্ৰ দিব্যজ্যোতি দাসসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷

Exit mobile version