ইউ জি চিৰ সিদ্ধান্ত : পি এইচ ডিত নামভৰ্তিৰ বাবে নেট বাধ্যতামূলক

955081 ugc

বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)য়ে পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত প্ৰাৰ্থী নেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক ঘোষণা কৰিলে । এই সন্দৰ্ভত ইউ জি চিয়ে দেশৰ সকলোবোৰ বিশ্ববিদ্যালয়লৈ জাননী জাৰি কৰিছে ।

ইফালে, ইউ জি চিয়ে দেশজুৰি পি এইচ ডি আৰু এম ফিল‌ পাঠ্যক্ৰম অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক সকাহ দি এই দুই পাঠ্যক্ৰমৰ গৱেষকক গৱেষণাপাত্ৰ জমা দিয়াৰ বাবে অতিৰিক্ত ছমাহ সময় প্ৰদান কৰিলে ।

অৰ্থাৎ যিসকল গৱেষক ছাত্ৰই ৩১ ডিচেম্বৰ ২০২১ৰ ভিতৰত গৱেষণাপাত্ৰ জমা দিব লাগিব, তেওঁলোকে এতিয়া ৩০ জুন ২০২২ৰ ভিতৰত গৱেষণাপাত্ৰ জমা দিয়াৰ সুযোগ লাভ কৰিব । এই নিৰ্ধাৰিত সময়সীমাৰ পাছত গৱেষণাপাত্ৰ জমা দিলে সেই গৱেষণাপাত্ৰক স্বীকৃতি দিয়া নহ’ব ।

Exit mobile version