নলবাৰীৰ এখন ব্যতিক্ৰমী চৰকাৰী প্ৰাথমিক বিদ্যালয়

মই বিচৰা ধৰণৰ এখন স্কুল পালো : প্ৰাথমিক শিক্ষা সঞ্চালিকা বিজয়া চৌধুৰী

WhatsApp Image 2021 12 06 at 7.21.09 PM

ব্যক্তিগত শিক্ষানুষ্ঠানৰ আগ্ৰাসনৰ বিপৰীতে নলবাৰীৰ এখন বিদ্যালয়ে দেখুৱাইছে ব্যতিক্ৰমী নিদৰ্শন । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা আহি ১৮ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰিছে এইখন বিদ্যালয়ত । প্ৰধান শিক্ষককে ধৰি চাৰিজন শিক্ষকে পঢ়ুৱাই আছে ৫৯ জন ছাত্ৰ-ছাত্ৰীক । বিদ্যালয়খনৰ মাত্ৰ ৪৪ জন ছাত্ৰ-ছাত্ৰীৰ নামতহে সৰ্বশিক্ষা অভিযান মিছনে খাদ্য আৰু ইউনিফৰ্ম যোগান ধৰি আহিছে যদিও বাকীখিনি ছাত্ৰ-ছাত্ৰীকো সমানে সুবিধা প্ৰদান কৰি আহিছে শিক্ষকসকলে ।

বিদ্যায়তনিক শিক্ষাদানৰ লগতে ছাত্ৰ-ছাত্ৰীৰ যোগ, ব্যায়াম, খেলা-ধূলা, পৰিষ্কাৰ-পৰিচন্নতা সকলোখিনিত উল্লেখনীয় সেৱা আগবঢ়াই আহিছে প্ৰধান শিক্ষক কংকৰাজ বৰ্মন, বিশ্বনাথৰ হেলেমৰ পৰা অহা প্ৰাঞ্জল ডেকা, দৰঙৰ পথৰুঘাটৰ পৰা সত্য দাস আৰু স্থানীয় শিক্ষক জয়ন্ত বৰুৱাই । বিদ্যালয় চৌহদত গঢ়ি তুলিছে এখন ফুল আৰু ঔষধি গছৰ বাগিছা‌ । ইতিমধ্যে ডাঙৰ হৈ উঠিছে মেহেগণি, বকুল, জলফাই, নিমগছ, আমলখি, মধুৰী আম, শিলিখা, অৰ্জুন, ভোমোৰা আদি গছ ।

বিদ্যালয়খন পৰিদৰ্শন কৰি প্ৰাথমিক শিক্ষা সঞ্চালিকা বিজয়া চৌধুৰীৰ মন্তব্য, “মই বিচৰা ধৰণৰ এখন স্কুল পালো ।”

Exit mobile version