বাগসা-বৰপেটাৰ সীমামূৰীয়া কাটাঝাৰত ভালুক পিঞ্জৰাবদ্ধ

বন বিভাগে ১২ টাকৈ ভালুক উদ্ধাৰ কৰি মুকলি কৰিলে মানাহত

মানাহ ৰাষ্ট্ৰীয় উদ্যানত হোৱা জলবায়ুৰ তাৰতম্যৰ বাবেই জনাঞ্চললৈ ওলাই আহিছে ভালুক ৷ বাগসা-বৰপেটাৰ সীমামূৰীয়া তথা বৰপেটাৰোড-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ কাটাঝাৰত আজি এটা প্ৰকাণ্ড ভালুক উদ্ধাৰ কৰি এই মন্তব্য কৰে বন বিভাগৰ চিকিৎসক প্ৰভাত বসুমতাৰীয়ে ৷

উল্লেখ্য যে কাটাঝাৰ গাঁৱৰ মনোৱাৰ হুছেইন নামৰ লোকজনৰ এটা পৰিত্যক্ত ঘৰত আজি ৰাতিপুৱাই এটা ভালুক প্ৰত্যক্ষ কৰে গৃহস্থই‌ ৷ তাৰ পাছতে হুৱা-দুৱা লাগে অঞ্চলটোত ৷ ভালুক চোৱাৰ বাবে পুৱাৰে পৰা লোকেলোকাৰণ্য হৈ পৰে অঞ্চলটো‌ ৷ ভালুক ওলোৱা খবৰ লাভ কৰি বনবিভাগ আৰু বৰপেটাৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভালুকটো ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় ৷ তাৰ পাছতে বন বিভাগৰ বিশেষ বাহনেৰে মানাহলৈ লৈ যোৱা হয় ভালুকটো আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত মানাহৰ ঘন জংঘলত বন বিভাগে মুকলি কৰি দিয়ে প্ৰকাণ্ড ভালুকটো ৷

জলবায়ু পৰিৱৰ্তন আৰু মানাহত ভালুকৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ বাবেই ভালুকবোৰ জনাঞ্চললৈ ওলাই অহা বুলি জানিবলৈ দিয়ে মানাহৰ পশু চিকিৎসক প্ৰভাত বসুমতাৰীয়ে ৷ উল্লেখ্য যে বিগত কিছুদিনত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা ১২ টাকৈ ভালুক বিভিন্ন ঠাইৰ পৰা বন বিভাগে উদ্ধাৰ কৰি মানাহত পুনৰ মুকলি কৰি দিয়া বুলি জানিবলৈ দিয়ে ৷

Exit mobile version