ভাৰততো আতংক : অ’মিক্ৰন সন্দৰ্ভত কি ক’লে এইমছৰ চিকিৎসকে ?

Antigenos o PCR 1080x675 1

কৰ’না ভাইৰাছৰ সবাতােকৈ সংক্রামক প্রজাতি হিচাপে অভিহিত অ’মিক্রনৰ সংক্ৰমণক লৈ আফ্রিকা আৰু ইউৰােপত ব্যাপক আতংকৰ সৃষ্টি হৈছে।

ভাৰততাে ইতিমধ্যে এইবিধ নতুন ক’ভিড প্রজাতিৰ সংক্রমণ চিনাক্ত কৰা হৈছে। অ’মিক্রনৰ সন্দৰ্ভত কেতবােৰ গুৰুত্বপূর্ণ তথ্য প্রকাশ কৰিলে পাব্লিক হেলৰ্থ ফাউণ্ডেচন অৱ ইণ্ডিয়াৰ অধ্যক্ষ তথা অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ৰ হৃদৰােগ বিভাগৰ প্রাক্তন অধ্যাপক কে শ্রীনাথ ৰেড্ডীয়ে।

ডাঃ ৰেড্ডীয়ে কয় যে অ’মিক্রন হৈছে সবাতােকৈ সংক্রামক ক’ভিড প্রজাতি। দক্ষিণ আফ্রিকা আৰু ইউৰােপৰ দেশত হােৱা দ্রুত সংক্ৰমণৰ পৰাই এই কথা প্রমাণ হৈছে বুলি তেওঁ কয়।

অৱশ্যে ডাঃ ৰেড্ডীয়ে লগতে কয় যে ক’ভিডৰ এই প্রজাতি বৰ্তমানলৈকে মৰাত্মক প্ৰমাণিত হোৱা নাই,কিয়নো এই ভাইৰাছত আক্ৰান্ত লোকৰ মাজত মৃত্যুৰ হাৰ যথেষ্ট সীমিত হৈ আছে।

ডেল্টা প্রজাতিৰ তুলনাত অ’মিক্রন অধিক সংক্রামক হ’লেও এতিয়ালৈকে ই ঘাতক ভাইৰাছ হিচাপে স্বীকৃত হােৱা নাই বুলি ডাঃ ৰেড্ডীয়ে জানিবলৈ দিয়ে।

অমিক্রন যাতে ভয়ংকৰ ভাইৰাছত পৰিণত হ’ব নােৱাৰে তাক নিশ্চিত কৰিবলৈ হ’লে প্রথমে ইয়াৰ সংক্ৰমণক বাধা দিব লাগিব।

ডাঃ ৰেড্ডীৰ মতে, টিকাকৰণৰ গতি দেশত বৃদ্ধি কৰিব লাগিব আৰু স্বাস্থ্যৰ প্রতি সতর্ক দৃষ্টি ৰাখিব লাগিব। সকলাে ব্যক্তিয়ে নিয়মিতভাৱে মাস্ক পৰিধান কৰা অতি জৰুৰী বুলিও তেওঁ পৰামর্শ দিয়ে।

দেশবাসীক ক’ভিডৰ বুষ্টাৰ প্রতিষেধক প্রদানৰ প্ৰসংগত ডাঃ ৰেড্ডীয়ে কয় যে এই পদক্ষেপ গ্রহণৰ পূর্বে অ’মিক্রন কিমান ঘাতক সেই কথা ভালদৰে জানি ল’ব লাগিব।

যদিহে অমিক্রন অধিক ভয়াৱহ হয়, তেন্তে সােনকালে দেশত ক’ভিডৰ বুষ্টাৰ প্রতিষেধক প্রদান আৰম্ভ কৰিব লাগিব বুলি ডাঃ ৰেড্ডীয়ে পৰামর্শ দিয়ে।

Exit mobile version