Health Tips : হৃদৰোগৰ পৰা ৰক্ষা কৰিব মাছৰ তেলে

Fish Oil Capsule

পৰিসংখ্যাগতভাৱে প্রতি বছৰে বিশ্বজুৰি সৰ্বাধিক লোকে প্রাণ হেৰুৱাই হৃদযন্ত্রৰ সমস্যাত । ভাৰতত প্রতি বছৰে আকস্মিক হৃদৰোগত আক্রান্ত হৈ প্রাণ হেৰুৱা লোকৰ সংখ্যা প্রায় সাত লাখ । কিন্তু জানেনে, হৃদযন্ত্র সুস্থ ৰাখিবলৈ সঞ্জীৱনী হৈ উঠিব পাৰে মাছৰ তেল ? এই মত বিশেষজ্ঞৰ ।

মাছৰ তেলত প্রচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে । যি একাধিক পুষ্টি সমৃদ্ধ । ইপিএ (আইকোছোপেন্টিওনিক এচিড) আৰু ডিএইছএ(ডোকোছাহেক্সোনমিক এচিড) প্রভৃতিয়ে ওমেগা-৩ ফেটি এচিড স্বাভাৱিক ৰাখি তেজ সঞ্চালন আৰু মস্তিষ্কৰ কার্যক্ষমতা বৃদ্ধি কৰে ।

বিশুদ্ধ মাছৰ তেলত ‘পলি-আনছেচুৰেটেড ফেটি এচিড’ বা ‘পুফা’ থাকে, যিয়ে আকস্মিক হৃদৰোগৰ সম্ভৱনা বহু পৰিমাণে কম কৰে । ইয়াৰ উপৰি বুকু বিষ, ষ্ট্ৰক আৰু ধমনীৰ অসুখৰ সম্ভাৱনা কমোৱাটোে সহায়ক হয় ‘পুফা’ ।

মাছৰ তেলে শৰীৰত উচ্চ ঘনত্বৰ লাইপ’প্র’টিন বা সুস্থ কলেষ্টেৰল বৃদ্ধি কৰি, ক্ষতিকাৰক ট্রাইগ্লিছাৰাইডৰ পৰিমাণ প্রায় ১৫ৰ পৰা ৩০ শতাংশ হ্রাস কৰে । দৈনন্দিন কম পৰিমাণে বিশুদ্ধ মাছৰ তেল গ্রহণ কৰিলেও উচ্চ ৰক্তচাপ কমাবলৈ অত্যন্ত কার্যকৰী হয় ।

কেৱল হৃদযন্ত্রৰ সমস্যাই নহয়, মাছৰ তেল গ্ৰহণ কৰিলে চকুও ভালে থাকে । লগতে, অস্থি সন্ধি, চুলি আৰু ছালৰ বাবেও অত্যন্ত উপকাৰী মাছৰ তেল । বার্ধক্যৰ ছাপ নোহোৱা কৰাটো কার্যকৰ হ’ব পাৰে মাছৰ তেল ।

অৱশ্যে মন কৰিবলগীয়া যে, কোনো ধৰণৰ পৰিপূৰক দ্রব্য খাদ্য তালিকাত অন্তর্ভুক্ত কৰাৰ আগতে তারৰ বিশুদ্ধতা নিশ্চিত কৰা প্রয়োজন । প্ৰদূষণৰ বাবে পানীত বিভিন্ন বর্জ্য পদার্থ মিহলি হৈ থাকে । যিহেতু মাছৰ দেহৰ স্নেহ পদার্থৰ পৰা এই ধৰণৰ তেল নিষ্কাশন কৰা হয়, সেয়ে মাছৰ পৰা পাৰদ, আর্চেনিক, কেডমিয়ামৰ দৰে একাধিক ধাতু মিশ্ৰিত হৈ যাব পাৰে । সেয়ে চূড়ান্ত বিশুদ্ধ নহ’লে বিপজ্জনক হ’ব পাৰে এই ধৰণৰ পৰিপূৰক খাদ্য দ্রব্য ।

Exit mobile version