৫২ বছৰ বয়সত ১২ সংখ্যক বিবাহ এইগৰাকী মহিলাৰ

1 2

এবাৰ, দুবাৰ নহয়, এতিয়ালৈকে ১১ বাৰকৈ বিবাহ কৰাইছে এই মহিলাই। হলিউডৰ তাৰকাৰ ক্ষেত্ৰত এনে ধৰণৰ বহুবিবাহ সাধাৰণ কথা হ’লেও সাধাৰণ নাগৰিকৰ ক্ষেত্ৰত ইমান অধিক সংখ্যক বিবাহ কৰােৱা ঘটনা বিৰল বুলিয়ে ক’ৰ পাৰি।

এনে এক বিৰল নজিৰ সৃষ্টি কৰিলে আমেৰিকাৰ এগৰাকী মহিলাই। ৫২ বছৰ বয়সীয়া ম’নেট্রোয়ে এতিয়ালৈকে মুঠ ১১ বাৰ বিবাহ কৰাইছে আৰু এইবাৰ তেওঁ ১২ সংখ্যক বিবাহ সম্পন্ন কৰিবলৈ সাজু হৈছে।

কোনাে পুৰুষৰ স’তে দীর্ঘদিন বৈবাহিক জীৱন যাপন কৰিবলৈ সফল হােৱা নাই ম’নেন্ট্রা। হাইস্কুলৰ শিক্ষা সমাপ্ত কৰাৰ পাছতে প্রথম বিবাহ সম্পন্ন কৰিছিল ম’নেট্রে।

নিজৰ ককায়েকৰ এজন বন্ধুক ম’নেন্ট্রা প্রথম স্বামীবৰণ কৰিছিল। ইয়াৰ পাছত এতিয়ালৈকে ১১ বাৰ বিবাহ সম্পন্ন কৰিছে। এইগৰাকী মার্কিন মহিলাই।

কিন্তু কিয় ইমান অধিক সংখ্যক বিবাহ সম্পন্ন কৰিলে ম’নেন্ট্রাই? ইয়াৰ কাৰণ ব্যাখ্যা কৰি ম’নেন্ট্রাই কয় যে অতি কম বয়সতে তেওঁ প্ৰথম বিবাহ কৰাইছিল যদিও স্বামীৰ স’তে দীর্ঘদিন সুখৰে থাকিব নােৱাৰিলে।

প্রথম বিবাহ বিফল হােৱাত তেওঁ নতুন প্রেমিক স’তে দ্বিতীয় বৈবাহিক জীৱন আৰম্ভ কৰে যদিও এই বিবাহে সফল নােহােৱাত বিবাহ বিচ্ছেদ কৰিছিল ম’নেন্ট্রাই।

ইয়াৰ পাছত এইদৰে এজন মনে বিচৰা স্বামীৰ সন্ধানত ম’নেন্ট্রাই ১১ বাৰ বিবাহ কৰালে। কিন্তু ১১ বাৰকৈ বিয়া কৰায়গা এতিয়ালৈকে মনে বিচৰা স্বামীৰ সন্ধান লাভ কৰিব নােৱাৰিলে এইগৰাকী মার্কিন মহিলাই।

এইবাৰ ম’নেট্রাই সম্পন্ন কৰিব তেওঁৰ ১২ সংখ্যক বিবাহ। ৫২ বছৰীয়া ম’নেট্রাক এইবাৰ বিবাহৰ বাবে প্ৰস্তাৱ দিছিল ২৮ জন পুৰুষে। ইয়াৰ মাজৰ পৰা তেওঁ নির্বাচন কৰিছে ৫৭ বছৰীয়াজনক।

বিগত দুবছৰ ধৰি জনৰ স’তে ডেটিং কৰি আহিছে ম’নেট্রাই। আপুনি জানি অবাক হ’ব যে জনক পূর্বেও দুবাৰকৈ বিয়া কৰাইছিল ম’নেট্রাই।

এইবাৰ তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব জন আৰু ম’নেট্রা। অৱশ্যে বৈবাহিক জীৱনত লাভ কৰা স্বামীৰ ভিতৰত ম’নেট্রাৰ বাবে শ্রেষ্ঠ আছিল পঞ্চম স্বামী।

ষষ্ঠ স্বামীও ম’নেট্রাৰ মতে বেয়া নাছিল। অষ্টম স্বামীৰ স’তে অনলাইন জৰিয়তে চিনাকি হৈছিল ম’নেট্রাই। দশম স্বামীক তেওঁ স্কুলীয়া দিনৰে পৰা চিনি পাইছিল।

Exit mobile version