Nagaland Killing : সেনাবাহিনীৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ, ​এফআইআৰ দাখিল নগালেণ্ড আৰক্ষীৰ

Nagalandkillings

সেনাবাহিনীৰ ২১ নম্বৰ পেৰা স্পেচিয়েল ফ’র্চৰ বিৰুদ্ধে ‘ইচ্ছাকৃত গণহত্যাৰ অভিযোগ’ৰে এফআইআৰ দাখিল কৰিলে নগালেণ্ড আৰক্ষীয়ে । ফলত নতুনকৈ নগালেণ্ডসহ সমগ্র উত্তৰ-পূবত আফস্পা প্রত্যাহাৰৰ দাবী পুনৰ জোৰদাৰ হৈ উঠিল ।

গৃহ কমিছনাৰ অভিজিৎ সিঙে কালি মঙলবাৰে দাবী কৰিছিল, নগালেণ্ডৰ অ’টিঙত যোৱা শনিবাৰৰ ঘটনাৰ বাবে দায়ী সেনা কমাণ্ডোসকলৰ ‘ভুৱা খবৰ’ আৰু ‘নিয়ন্ত্রণহীন গুলিচালনা’ । কালি টিজিট আৰক্ষীয়ে তেওঁলোকৰ এফআইআৰত লিখিছে, “আৰক্ষীক কোনো খবৰ নিদিয়াকেই কমাণ্ডোসকলে গাঁওবাসীসকলে অহা পথত খোপনি পুতি আছিল । গাঁওবাসীসকলৰ গাড়ী দেখি তেওঁলোকে নজনাকৈয়ে গুলি চালনা কৰে । গাঁওবাসীসকলৰ হত্যা বা আহত কৰাই আছিল সেনাৰ উদ্দেশ্য ।”

প্রত্যক্ষদর্শীসকলৰ সাক্ষ্য উল্লেখ কৰি আৰক্ষীয়ে জনাইছে, প্রথম পৰ্যায়ত কমাণ্ডোসকলে ছজনক গুলি কৰি হত্যা কৰে ‌। পাছত তেওঁলোকৰ মৃতদেহ আনিব যাওঁতে সাতজন গাঁওবাসীক হত্যা কৰে তেওঁলোকে । ২২ জন আহত হয় । পাছত কমাণ্ডোসকলে গুলি চালনা কৰি কৰি অসমৰ দিশে পলায়ন কৰে । আহতসকলৰ আৰু এজনৰ মৃত্যু হোৱাত মৃতকৰ সংখ্যা বাঢ়ি হৈছে ১৭জন । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কমিছনে ছয় সপ্তাহৰ ভিতৰত অ’টিঙৰ ঘটনাৰ ৰিপ’র্ট দিবলৈ কৈছে কেন্দ্র আৰু নগালেণ্ড চৰকাৰক ।

সেনা সূত্রে খবৰ, অ’টিঙৰ ঘটনাত গাঁওবাসীসকলৰ আক্রমণত ২১ পেৰা এছএফৰ কমাণ্ডো গৌতম লালৰ মৃত্যু হৈছে । ২৪ বছৰীয়া এই জোৱানজনৰ ঘৰ উত্তৰাখণ্ডৰ দেবপ্রয়াগত । এই ঘটনাত ১৫ জন জোৱান আহত হৈছে । তেওঁলোকৰ দুজনৰ অৱস্থা সংকটজনক । গাঁওবাসীসকলৰ দাবী, ইমান কেইজন জোৱান আহত হোৱা নাই ‌।

সেনা কমাণ্ডোৰ এই কাৰ্যৰ পাছত আফস্পা প্রত্যাহাৰৰ দাবী পুনৰ জোৰদাৰ হৈ উঠে । সেনাবাহিনীক দিয়া বিশেষ ক্ষমতাৰ এই আইন প্রত্যাহাৰৰ দাবী কৰিছে এনপিপিঅ’, এনডিপিপি-য়ে । এই দুই আঞ্চলিক দলেই বিজেপি নেতৃত্বাধীন উত্তৰ-পূবৰ জোঁট নেডা তথা এনডিএ-ৰ মিত্ৰশক্তি । মেঘালয়ৰ মুখ্যমন্ত্রী তথা এনপিপি ৰাষ্ট্ৰীয় সভাপতি কনৰাড চাংমাই উত্তৰ-পূবত আফস্পা প্রত্যাহাৰৰ দাবী জনায় । নগালেণ্ড আৰু মণিপুৰৰ বিভিন্ন স্থানত কালি আফস্পা বিৰোধী সমদল ওলায় ।

কংগ্রেছৰ তৰফৰ পৰাও অভিযোগ উত্থাপন কৰা হয়, আফস্পা বলবৎ থকাৰ ফলত বছৰৰ পাছত বছৰ সেনা আৰু অৰ্ধসেনাই জনসাধাৰণৰ ওপৰত অত্যাচাৰ চলাইছে । ছোনিয়া গান্ধীৰ নির্দেশত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, নগালেণ্ডৰ ভাৰপ্রাপ্ত দলৰ নেতা অজয় কুমাৰ, সাংসদ গৌৰৱ গগৈ আৰু এন্ট’ এন্টনিয়ে আঠ ডিচেম্বৰত নগালেণ্ডৰ মন জিলাত নিহতসকলৰ পৰিয়ালক লগ কৰিবলৈ যাব । ত্রিপুৰাৰ তিপ্রা মথাৰ চেয়াৰমেন প্রদ্যোত দেববর্মাইও আফস্পা প্রত্যাহাৰৰ দাবী উত্থাপন কৰিছে ।

আছু আৰু উত্তৰ-পূবৰ ছাত্র সংগঠনৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য‌ই কয়, এই ঘটনাই বুজালে যে কেন্দ্র‌ই উত্তৰ-পূবত শান্তি ঘূৰাই আনিবলৈ ইচ্ছুক নহয় । ইয়াৰ বাবে দায়ী আফস্পা । মণিপুৰ ‘অ’মেন গান ছাৰ্ভাইভার্চ নেটৱর্ক’-ৰ বীণালক্ষ্মী নেপ্রামে কয়, “নিৰ্বিচাৰে, প্রৰোচনাত বছৰৰ পাছত বছৰ ধৰি সামৰিক বাহিনীয়ে সাধাৰণ জনতাৰ হত্যা কৰি আহিছে । আজি পর্যন্ত কাৰো শাস্তি হোৱা নাই । মানুষ মৰাৰ অবাধ স্বাধীনতা আছে তেওঁলোকৰ ।”

সোমবাৰে মন জিলাৰ অ’টিঙত নিহত গাঁওবাসীসকলৰ শেষকৃত্য হয় । মুখ্যমন্ত্রী নেফিউ ৰিঅ’ই শেষকৃত্য অনুষ্ঠানত অংশ গ্ৰহণ কৰি কয়, “কেন্দ্রীয় গৃহমন্ত্রীৰ স’তে আলোচনা হৈছে । আমি চাই নগালেণ্ডৰ পৰা আফস্পা প্রত্যাহাৰ কৰাটো বিচাৰো । এই আইনে সমগ্ৰ দেশৰ ভাবমূর্তি নষ্ট কৰিছে । তেওঁ লগতে কয়, নগালেণ্ডৰ মন জিলাত সেনাৰ গুলিত মৃতসকলৰ পৰিয়ালক কেন্দ্রৰ তৰফৰ পৰা ১১ লাখ আৰু ৰাজ্যৰ তৰফৰ পৰা পাঁচ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব । আহতসকলক কেন্দ্র‌ই এক লাখ টকা আৰু ৰাজ্য চৰকাৰে ৫০ হেজাৰ টকাকৈ দিব ।”

নিহত গাঁওবাসীসকলৰ শেষকৃত্যত যোগ দিয়ে সকলো দল আৰু বিভিন্ন সংগঠনৰ নেতাসকলে । ৰাজ্যজুৰি মৌন প্রার্থনা কৰা হয় । নিহতসকলক উদ্দেশ্যি শ্রদ্ধা জনাই হর্নবিল উৎসৱ স্থগিত ৰখা হৈছে নগালেণ্ডত । ইএনপিঅ’ সংগঠনৰ নির্দেশত হর্নবিল উৎসৱৰ বাবে প্ৰস্তুত কৰা সকলো চাং ঘৰ, খাদ্য গৃহ আৰু অন্যান্য প্রদর্শনী বন্ধ কৰা হৈছে । ঘটনাৰ প্রতিবাদত বুধবাৰে নগালেণ্ডৰ বিভিন্ন স্থানত বন্ধ আহ্বান কৰা হয় । ফলত বিক্ষিপ্ত কিছু সংঘর্ষৰ খবৰ আহিছে । ডিমাপুৰ আৰু বিভিন্ন স্থানত সেনাৰ কনভয় আবদ্ধ কৰা হয় । জোৱানসকলৰ স’তে জনতাৰ সংঘৰ্ষও হয় ।

Exit mobile version