Winter Olympics 2022 : শীতকালীন বেইজিং অলিম্পিকত প্ৰতিবাদ আমেৰিকাৰ, কূটনৈতিক বয়কটৰ আহ্বান বাইডেন প্ৰশাসনৰ

211206 beijing olympics sign se 247p

২০২২ৰ শীতকালীন অলিম্পিক অনুস্থিত হ’ব বেইজিঙত । সেই প্রতিযোগিতাত কূটনৈতিক বয়কটৰ আহ্বান জনালে জ’ বাইডেনৰ আমেৰিকা চৰকাৰে । হোৱাইট হাউছৰ তৰফৰ পৰা জনোৱা হৈছে, খেলুৱৈসকলে অংশগ্ৰহণ কৰিলেও বিষয়াসকল নাথাকিব ।

চীনৰ তৰফৰ পৰা আগতেই জনোৱা হৈছিল কোনো দেশে যদি বয়কটৰ আহ্বান কৰে ‘ব্যৱস্থা গ্ৰহণ কৰা হ’ব’ । আমেৰিকাৰ তৰফৰ পৰা জনোৱা হৈছে কোনো খেলুৱৈয়ে যদি অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ’লে চৰকাৰে তেওঁক সকলো ধৰণৰ সহায় কৰিব ।

আমেৰিকাই যে এনে ধৰণৰ সিদ্ধান্ত ল’ব সেয়া কিছুদিন আগতেই স্পষ্ট হৈ গৈছিল । চীনক বার্তা দিবৰ বাবে এই সিদ্ধান্ত বাইডেনৰ । আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আগতেই জনাইছিল যে তেওঁৰ চৰকাৰে কূটনৈতিক বয়কটৰ কথা ভাবিছে । এই বিষয়ে সোমবাৰে জনোৱা হয় ।

আমেৰিকাৰ বৈদেশিক দপ্তৰৰ তৰফৰ পৰা জনোৱা হৈছিল, ছিনজিয়াঙত উইঘুৰ মুছলিমসকলৰ মানৱ অধিকাৰ লংঘনসহ বিভিন্ন ঘটনাৰ বাবেই বেইজিঙত অনুষ্ঠিত হ’বলগীয়া শীতকালীন অলিম্পিকত কূটনৈতিক বয়কট কৰা হ’ব পাৰে ।

আগন্তুক বৰ্ষৰ চাৰিৰ পৰা ২০ ফেব্রুৱাৰীত বেইজিঙত শীতকালীন অলিম্পিক অনুষ্ঠিত হ’ব । চীনৰ ৰাজধানীৰ লগতে হেইবেই প্রদেশৰ ঝাংজিয়াকউ আৰু পার্বত্য অঞ্চল ইয়াংকিঙত বিভিন্ন ক্রীড়া প্রতিযোগিতা হ’ব ।

Exit mobile version