চীনৰ বৈদেশিক মন্ত্ৰীয়ে ক’লে‌ ‘হিমালয়েও ভাৰতৰে বন্ধুত্বত বাধা দিব নোৱাৰে’

cf4afb01 94fb 4b24 b1ca 164abc26cc03

চীনত ভাৰতৰ ৰাষ্ট্ৰদূত নিযুক্ত বিক্ৰম মিচৰীৰ কাৰ্যকাল অন্ত পৰাত বিদায় অনুষ্ঠানৰ ভাৰ্চুৱেল বৈঠকত অংশ লৈ চীনৰ বৈদেশিক মন্ত্ৰী বাংগ য়ীয়ে আশা প্ৰকাশ কৰি কয় যে সীমান্তত দেখা দিয়া উত্তেজনা অচিৰে হ্ৰাস পাব ।

বাংগে বৈঠকত কয় যে চীন আৰু ভাৰতে পাৰস্পৰিক বুজাপৰাৰ মাধ্যমেৰে সমস্যাৰ সমাধান বিচৰা উচিত । উভয় দেশে কোনো ভুল সিদ্ধান্ত লোৱা উচিত নহয় বুলিও চীনৰ বৈদেশিক মন্ত্ৰীজনে মন্তব্য কৰে ।

‘যেতিয়া আমি পৰস্পৰৰ বিশ্বাস অৰ্জন কৰিব পাৰিম, তেতিয়া হিমালয়েও আমাৰ বন্ধুত্বক বাধা দিব নোৱাৰিম । কিন্তু এবাৰ এই বিশ্বাস ভংগ হ’লে উভয় ৰাষ্ট্ৰৰ বন্ধুত্ব ক্ষতিগ্ৰস্ত হ’ব ।’ বাংগে এইদৰে কয় ।

Exit mobile version