বিবাহৰ ভিডিঅ’ বিক্ৰীৰ বাবে এশ কোটি টকাৰ প্ৰস্তাৱ কেটৰিণা-ভিকিক

vicky katrina 1635325193007 1638511668584

বলিউডৰ দুই তাৰকা ভিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিবাহ অনুষ্ঠান কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল।

ছিক্স ছেন্সেছ ফ’ৰ্টল ভিতৰত আয়ােজিত এই ৰাজকীয় বিবাহ অনুষ্ঠানৰ ভিডিঅ’ ক্ৰয় কৰিবলৈ এটা অটিটি প্রতিষ্ঠানে ভিকি-কেটৰিনাক এশ কোটি টকা প্রদানৰ প্ৰস্তাৱ আগবঢ়ালে।

ভিকি আৰু কেটৰিনাই বিবাহ অনুষ্ঠানৰ ফটো আৰু ভিডিঅ’ সংগ্রহ কৰাৰ বাবে এতিয়ালৈকে কোনাে ফটোগ্রাফাৰক অনুমতি দিয়া নাই।

অৱশ্যে কোনটো অটিটি প্রতিষ্ঠানে ভিকি-কেটৰিনাক ইমান বৃহৎ পৰিমাণৰ ধন প্ৰদানৰ প্ৰস্তাৱ আগবঢ়াইছে সেই তথ্য এতিয়ালৈকে জানিব পৰা হােৱা নাই।

এই প্রস্তাৱ বিবাহৰ বাবে সাজু হােৱা অভিনেতা দম্পতীয়ে গ্রহণ নে প্রত্যাখ্যান কৰিলে সেই কথাও পােহৰলৈ অহা নাই।

প্রকাশিত বাতৰি অনুসৰি এটা আন্তঃৰাষ্ট্ৰীয় অটিটি প্রতিষ্ঠানে ভিকি আৰু কেটৰিনাৰ বিবাহৰ ফুটেজৰ স্ট্রিমিং কৰাৰ উদ্দেশ্যৰে এশ কোটি টকাৰ প্ৰস্তাৱ দিছিল।

Exit mobile version