Covishield : বিপুল হাৰত ক’ভিশ্বিল্ডৰ উৎপাদন কমাইছে ছেৰামে, কেন্দ্ৰীয় অৰ্ডাৰ নাই জনালে সংস্থাই

covishield afp3

অ’মিক্রন (Omicron) পৰিস্থিতিত উদ্বেগ বৃদ্ধি কৰিছে ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ (Seram Insititute of India) নতুন সিদ্ধান্ত‌ই । এইবাৰ ক’ভিশ্বিল্ড (Covishield) উৎপাদন বহু পৰিমাণে কম কৰিছে ছেৰামে, প্রায় অর্ধেক, মঙলবাৰে এই বিষয়ে সদৰী কৰে ছেৰামৰ চিইঅ’ আদৰ পুনাৱালাই (Adar Poonawalla) । তেওঁ কয়, কেন্দ্রৰ পৰা ক’ভিশ্বিল্ডৰ বাবে পর্যাপ্ত অর্ডাৰ নোপোৱাৰ বা এই সিদ্ধান্ত লৈছে তেওঁলোকৰ সংস্থাই ।

চিইঅ’ প্রধানে জনাইছে, মোদী চৰকাৰৰ পৰা অৰ্ডাৰ নোপোৱাৰ বাবে কৰ’না ভেকচিনৰ মাহেকীয়া উৎপাদন প্রায় ৫০ শতাংশ কমাই দিয়া হৈছে । সম্প্ৰতি বুষ্টাৰ ড’জ তৈয়াৰ কৰাত গুৰুত্ব দিছে ছেৰামে । যিসকলে ক’ভিশ্বিল্ডৰ দুটা ড’জ লৈছে তেওঁলোকক বুষ্টাৰ ড’জৰ প্রয়োজনীয়তা আছে, এই কথা জনাই কেন্দ্রক পত্ৰ প্ৰেৰণ কৰিছে ছেৰামে । পুনাৱালাই এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমক জনোৱা মতে, “ম‌ই এনে এক দ্বিধাত আছো যিটো ম‌ই কেতিয়াও কল্পনা কৰা নাছিলো । ইয়াৰ আগতে আমি প্রতি মাহে ২৫০ মিলিয়ন ড’জ তৈয়াৰ কৰিছিলো । কিন্তু এতিয়া এই পৰিমাণ হ্ৰাস পাইছে । সুখবৰ এইটোৱে যে, দেশৰ প্রায় অধিকাংশই ইতিমধ্যে প্ৰতিষেধকৰ দুটা ড’জ গ্ৰহণ কৰিছে ।”

ভৱিষ্যতে কৰ’না ভেকচিন উৎপাদন প্রসংগত পুনাৱালাই কয়, “হাতত অন্য কোনো অর্ডাৰ নাই, সেয়ে ম‌ই সম্প্ৰতি ক’ভিশ্বিল্ডৰ উৎপাদন ৫০ শতাংশ কমাই দিছো । পাছত পুনৰ অর্ডাৰ আহিলে প্রডাকছন বৃদ্ধিত গুৰুত্ব দিয়া হ’ব । আঠ মাহ ধৰি আমি ৰপ্তানি কৰিব পৰা নাই । অন্যান্য দেশসমূহে মার্কিন যুক্তৰাষ্ট্র আৰু অন্য দেশত টিকা সৰবৰাহ কৰিছে । এটা বৃহৎ বজাৰ হেৰুৱাইছো আমি ।”

ইপিনে, ক’ভিড ভেকচিনৰ বুষ্টাৰ ড’জ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহয় ৰাষ্ট্ৰীয় পৰামর্শদাতা গোষ্ঠীৰ বৈঠকত । স্বাস্থ্যমন্ত্রণালয় সূত্রে খবৰ, শিশুসকলৰ ভেকচিনেছনৰ বিষয়টো কোনো সিদ্ধান্ত লোৱা নহয় । ক’ভিডৰ অ’মিক্রন ভেৰিয়েন্টৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সময়তে, চিকিত্‍সকসকলৰ একাংশ‌ই বুষ্টাৰ ড’জৰ দাবীত সৰৱ হৈছে । কিন্তু সূত্রৰ খবৰ, বৈঠকত বিষয়োক লৈ আলোচনা হয় যদিও কোনো সিদ্ধান্ত লোৱা নহয় । লগতে শিশুসকলৰ ভেকচিনেছন কেতিয়াৰ পৰা আৰাম্ভ হ’ব, সেই বিষয়তো বৈঠকত সিদ্ধান্ত লোৱা নহয় ।

Exit mobile version