Helicopter Crashed : তামিলনাডুত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

CDS Crash New

তামিলনাডুৰ কুন্নুৰত দুর্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ । প্রাথমিকভাৱে অৰণ্যৰ মাজত হেলিকপ্টাৰ ভাঙি পৰা বুলি জানিব পৰা গৈছে । হেলিকপ্টাৰত বহুকেইজন বায়ুসেনা আছিল । দুর্গম পাহাৰীয়া অঞ্চলত দুর্ঘটনা সংঘটিত হোৱাত আহত সেনাসকলক উদ্ধাৰ কৰা হয় । তেওঁলোকক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে ।

তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত আছিল সেনাৰ প্ৰধান বিপিন ৰাৱত তথা তেওঁৰ পৰিয়ালৰ একাংশ সদস্য । তথ্য অনুসৰি, হেলিকপ্টাৰ দুর্ঘটনাত চাৰিজনৰ মৃত্যু হৈছে ।

সেনাপ্ৰধানগৰাকীসহ মুঠ ১৪ গৰাকী ব্যক্তিয়ে বিমানখনত যাত্ৰা কৰিছিল । এই পর্যন্ত তিনিজনক উদ্ধাৰ কৰা সম্ভৱ হৈছে । এতিয়াও সন্ধানহীন হৈ আছে বহু সেনা । তীব্ৰ গতিত চলোৱা হৈছে উদ্ধাৰকাৰ্য । বিয়লি ১২-৪০ বজাত কুন্নুৰত গভীৰ অৰণ্যত ভাঙি পৰে সেনাৰ এমআই-১৭ কপ্টাৰখন । ভাঙি পৰাৰ পাছতেই হেলিকপ্টাৰত জুই লাগি যায়‌ ।

Exit mobile version