Rohingya : ফেচবুকৰ বিৰুদ্ধে গোচৰ ৰোহিংগা সংগঠনৰ

thumbs b c d2ab1cb3cc354548c6b72b2f212af69b

ফেচবুকৰ মূল সংস্থা ‘মেটা প্লেটফর্মছ’-ৰ বিৰুদ্ধে ১৫ হেজাৰ কোটি ডলাৰ ক্ষতিপূৰণ দাবী কৰি গোচৰ ৰুজু কৰিলে কিছুসংখ্যক ৰোহিংগা সংগঠনে । বিদ্বেষ আৰু ভুৱা তথ্য প্ৰচাৰেৰে ম্যানমাৰত ৰোহিংগাসকলৰ গণহত্যাত সহায় কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ফেচবুকৰ মূল সংস্থাটোৰ বিৰুদ্ধে । একেই অভিযোগ উত্থাপন কৰি আইনী জাননী প্ৰেৰণ কৰা হৈছে লণ্ডনত ফেচবুক দপ্তৰতো ।

বৌদ্ধ অধ্যুষিত ম্যানমাৰৰ ৰাখাইন প্রদেশৰ বাসিন্দা ৰোহিংগাসকল মূলত মুছলিম । বহু বছৰ ধৰি তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাই আহিছে সেনাবাহিনীয়ে । ২০১৭-ৰ আগষ্টত আৰম্ভ হয় গণহত্যা । সেনাবহিনীৰ সহায়ত সেই হত্যাকাণ্ডত যোগ দিয়ে সাধাৰণ জনাতাইও । অভিযোগ, সেই সময়ত ৰোহিংগা-বিৰোধী অসংখ্য বিদ্বেষমূলক আৰু বিভ্রান্তমূলক প’ষ্ট প্ৰচাৰ কৰিছিল ফেচবুকে । কিন্তু ফেচবুক কর্তৃপক্ষই সেই বিষয়ত সম্পূর্ণ উদাসীন আছিল । তেতিয়া বিভিন্ন মানৱ অধিকাৰ সংগঠনৰ তৰফৰ পৰা ফেচবুকক অনুৰোধ কৰা হৈছিল, তেওঁলোকে যেন এইসমূহ প’ষ্ট দ্রুত প্ৰচাৰ কৰে । কিন্তু সেই দাবীত কাণসাৰ নিদিয়ে মার্ক জোকাৰ্বার্গৰ সংস্থাটোৱে । সেই সময়ত গণহত্যাৰ পৰা ৰক্ষা পাবলৈ সাত লাখ ৩০ হেজাৰ ৰোহিংগাই ম্যানমাৰৰ পৰা পল য়ন কৰিছিল ।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ এটা তদন্ত-ৰিপ’র্টত ৰোহিংগাসকলৰ ওপৰত হোৱা অত্যাচাৰত ফেচবুকৰ পৰোক্ষ ভূমিকাৰ কথা উল্লেখ কৰা হৈছিল । ২০১৮ত ফেচবুক কর্তৃপক্ষ‌ই স্বীকাৰ কৰিছিল, সেই সময়ত ঘৃণা আৰু হিংসা নিয়ন্ত্রণত তেওঁলোকে পর্যাপ্ত ভূমিকা ল’ব পৰা নাই ।

Exit mobile version