কোন হ’ব জেনেৰেল ৰাৱটৰ উত্তৰসূৰী ?

a97782d6 5853 11ec ba48 cf98c20b89f1 1639008239887 1639008251781

দেশৰ সেনা সৰ্বাধিনায়ক জেনেৰেল বিপিন ৰাৱট তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু আন ১১ জনৰ শোকাৱহ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰীকালীন কেবিনেট বৈঠকে । বুধবাৰে নিশা অনুষ্ঠিত মোদী কেবিনেটৰ নিৰাপত্তা সম্পৰ্কীয় কমিটীৰ এক জৰুৰীকালীন চমু বৈঠকত জেনেৰেল ৰাৱটলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনাও কৰা হয় ।

সূত্ৰত প্ৰকাশ যে, দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু প্ৰতিৰক্ষা নীতিৰ ক্ষেত্ৰত শীৰ্ষ নিৰ্ধাৰক কমিটীখনৰ বৈঠকতে ৰাৱটৰ উত্তৰসূৰী নিৰ্বাচন কৰা হ’ব নেকি তাকে লৈ জল্পনা-কল্পনা কৰা হৈছে । সম্প্ৰতি লাডাখত চীনৰ স’তে চলি থকা উত্তেজনাময় পৰিস্থিতিৰ সম্পৰ্কত এই বিষয়টো ৰাৱটৰ মৃত্যুৰ পাছতে চৰ্চিত হৈছে ।

বৈঠকৰ আন্তত অৱশ্যে বহুসংখ্যক বিজেপি সাংসদে এইদৰে আঙুলীয়াই দিয়ে যে চীফ অৱ ডিফেন্স ষ্টাফৰ পদ সকলো সময়তে পূৰ্ণ হৈ থকাটো প্ৰয়োজনীয় নহয় । প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত কমিটীখনত আছে কেন্দ্ৰীয় প্ৰতিৰক্ষা, গৃহ, বৈদেশিক পৰিক্ৰমা আৰু বিত্ত মন্ত্ৰী । এই কমিটীখনেই ২০১৯ৰ ডিচেম্বৰত দেশৰ প্ৰথমজন সেনা সৰ্বাধিনায়কৰূপে নেতৃত্ব দিছিল ৰাৱটক ।

ইয়াৰ ফলত দেশৰ স্থলসেনা, বায়ুসেনাৰ আৰু জলসেনা এই তিনি বাহিনীৰ মুৰব্বীসকল থাকিলেও কমিটীখনৰ বাবে একমাত্ৰ যুগসূত্ৰকাৰী হৈ পৰিছিল এই সংহত পদবী । মন কৰিবলগীয়া যে দেশৰ তিনি সেনা বাহিনীৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা মন্ত্ৰীৰ মুখ্য সামৰিক পৰামৰ্শদাতাও সেনা সৰ্বাধিনায়ক ।

উল্লেখ্য যে আজি সংসদত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিবৃতি প্ৰকাশ কৰে ।

Exit mobile version