পাকিস্তানত পুনৰ হ্ৰাস পালে টাকাৰ মূল্য । ইমৰান খানৰ চৰকাৰৰ আমোলত পাকিস্তানী মুদ্ৰাৰ মূল্য হ্ৰাসছে নতুন ইতিহাস ৰচনা কৰিলে ।
বৰ্তমানে প্ৰতি ডলাৰৰ বিপৰীতে পাকিস্তানী টাকাৰ বিনিময় মূল্য ১৭৭ টকা হৈছে । ইমৰান চৰকাৰৰ শাসনত বিগত চাৰে তিনি বছৰত দেশখনৰ টাকাৰ মূল্য ৩০.৫ শতাংশ হ্ৰাস পালে ।
২০১৮ৰ আগষ্টত এক ডলাৰৰ বিপৰীতে পাকিস্তানী টাকাৰ বিনিময় মূল্য আছিল ১২৩ টকা ।