হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত সেনাৰ বিষয়া জোৱানলৈ চিৰাং এবিএমছুৰ শ্ৰদ্ধাঞ্জলি

চিৰাং জিলাৰ বান্দুগুৰিত চিৰাং জিলা এবিএমছুৰ উদ্যোগত আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত বুধবাৰে তামিলনাডুৰ কুন্নুৰত সংঘটিত হোৱা শোকাৱহ হেলিকপ্টাৰ দূৰ্ঘটনাত অকাল মৃত্যুক আকোৱালি লোৱা দেশৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱট আৰু তেখেতৰ পত্নী সহ ১৩ জনকৈ বীৰ সেনা জোৱানৰ স্মৃতিত আজি মম জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সভাপতি আনোৱাৰ হুছেইনে সংবাদ মাধ্যমৰ আগত কয় যে দেশে এই দুৰ্ঘটনাত মহান সৈনিক হেৰুৱাই মৰ্মাহত । সেয়ে মহান বীৰ সেনা জোৱান সকলৰ স্মৃতিত তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Exit mobile version