Omicron : অ’মিক্রনৰ দ্রুত মিউটেছন নিষ্ক্রিয় কৰিব পাৰে নতুন এন্টিবডি চিকিৎসা পদ্ধতিয়ে

1b5b4e53db1892e83afb4aab8239b125 original

দক্ষিণ আফ্রিকাৰ এক গৱেষণাত দেখা গৈছে, ফাইজাৰৰ প্রতিষেধকৰ ব্যৱহাৰেৰে ক’ভিড-১৯ৰ অ’মিক্রন ৰূপক কিছু ৰোধ কৰিব পাৰি । যদিও লগতে এইটোও দেখা গৈছে, ‘বুষ্টাৰ’ বা টিকা লোৱা থাকিলে অ’মিক্রনৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস কৰে ফাইজাৰৰ প্রতিষেধকে । সম্প্রতি গ্লেক্সোস্মিথক্লাইনে দাবী কৰিছে, তেওঁলোকৰ নতুন এন্টিবডি নির্ভৰ চিকিৎসাৰ পদ্ধতিয়ে অ’মিক্রনৰ যাৱতীয় মিউটেছনৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হৈছে ।

ব্রিটেইনৰ ঔষধ প্রস্তুতকাৰী সংস্থা গ্লেক্সোই মঙলবাৰে জনাইছে, মিছা ভাইৰাছৰ বিৰুদ্ধে ইন-ভার্ট্রো পৰীক্ষাত অ’মিক্রনৰ দৰে এক ছিনথেটিক ৰূপ তৈয়াৰ কৰা হয় ছট্রোভিমব-ত (নতুন এন্টিবডি ট্রিটমেন্ট) । কেৱল মূল মিউটেছন নহয়, অ’মিক্রনৰ স্পাইক প্র’টিনত যি ৩৭ ধৰণৰ মিউটেছন হোৱা দেখা গৈছে, গ্লেক্সোৰ চিকিৎসা পদ্ধতিয়ে, তাৰ প্রতিটোৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম । এই পর্যন্ত এই ৩৭ ধৰণৰ মিউটেছনয় কথা জানিব পৰা গৈছে অ’মিক্রনৰ ।

অ’মিক্রন ৰূপ ধৰা পৰাৰ পাছৰ পৰাই বিশ্বজুৰি হৈ-চৈৰ সৃষ্টি হয় ‌। এই পর্যন্ত কৰ’নাৰ যিসমূহ প্রতিষেধক বা ঔষধে বজাৰত স্বীকৃতি পাইছে, সেইসমূহ কোনটো নতুন ৰূপৰ ক্ষেত্রত কিমান কার্যকৰী, তাক লৈ নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে । যিহেতু অ’মিক্রনৰ স্পাইক প্র’টিনৰ ইমান ধৰণৰ মিউটেছন ধৰা পৰিছে, সেয়ে যথেষ্ট উদ্বেগ সৃষ্টি হৈছে । কাৰণ, অধিকাংশ চিকিৎসা পদ্ধতি এই স্পাইক প্র’টিন মিউটেছন ৰোধ কৰিবলৈ সক্ষম ।

গ্লেক্সোৰ তৰফৰ পৰা জর্জ স্কেংগোছে কয়, ‘‘পৰীক্ষাত দেখা গৈছে আমাৰ চিকিৎসাত অ’মিক্ৰনৰ স্পাইক প্র’টিন মিউটেছনৰ নিষ্ক্রিয়কৰণ প্ৰায় তিনগুণ বৃদ্ধি হৈছে । সেয়ে প্ৰথমাৱস্থাতে অ’মিক্রন ধৰি পৰিলে ছট্রোভিমবে যে দ্রুত চিকিৎসা আৰম্ভ কৰি ভাইৰাছৰ প্রকোপ বহু পৰিমাণে হ্ৰাস কৰিব পাৰিব, তাক লৈ আমি আত্মবিশ্বাসী ।’’

৭৯ শতাংশ পৰীক্ষাত দেখা গৈছে ছট্রোভিমবে ব্রিটেইনৰ কৰ’না ৰোগীৰ মৃত্যু বা হাস্পাতালত ভর্তিৰ হাৰ যথেষ্ট কম কৰিছে । অৱশ্যে প্রত্যেকৰেই কৰ’নাৰ মৃদুৰ পৰা মজলীয়া উপসর্গ আছিল ।

শৰীৰত এন্টিবডি ইনজেক্ট কৰা বহু চিকিৎসা পদ্ধতিৰ ভিতৰত ই অন্যতম । অন্যান্য চিকিৎসাৰ উপায় আছে যদিও, যিসকলৰ ইমিউনো-ডেফিচিয়েন্সি আছে, তেওঁলোকৰ ক্ষেত্ৰত কৰ’নাৰ প্রভাৱ গুৰুতৰ হৈ উঠাত বাধা দিবলৈ এই পদ্ধতি যথেষ্ট কার্যকৰী । যিসকলৰ আগৰ পৰাই অন্য কোনো দীর্ঘ অসুস্থতা আছে, তেওঁলোকৰ শৰীৰত কৰ’নাৰ প্রভাৱ হ্ৰাস কৰিবলৈও কার্যকৰী হ’ব পাৰে এন্টিবডি ট্রিটমেন্ট । গ্লেক্সোৰ ছট্রোভিমবৰ সম্পর্কে বিশেষজ্ঞসকলৰ মত, এই পর্যন্ত ইয়াক লৈ আৰু পৰীক্ষা কৰা প্রয়োজন । বিশেষকৈ ঔষধৰ পৰিমাণ বৃদ্ধি কৰিলে শৰীৰত কেনে ধৰণৰ প্রক্রিয়া হ’ব পাৰে, সেয়া এতিয়াও পৰ্যবেক্ষণৰ বিষয় ।

Exit mobile version