বড়োলেণ্ড বিশ্ববিদ্যালয়ত জ্ঞানপীঠ বঁটা বিজয়ী তৃতীয়গৰাকী অসমীয়া কবি নীল মণি ফুকনলৈ অভিনন্দন কাৰ্যসূচী

WhatsApp Image 2021 12 10 at 2.20.19 PM

নীলমণি ফুকন মানেই কবিতা আৰু মিঠা মিঠা কবিতাৰ সমাহাৰ‌ ৷ অসমৰ সাহিত্য জগতত কবিতাৰ বাবে এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা অসম আৰু অসমীয়াৰ সকলোৰে আদৰৰ কবি নীলমণি ফুকন হৈছে কবিতাৰ বাবে জ্ঞানপীঠ বঁটা বিজয়ী তৃতীয়গৰাকী অসমীয়া কবি ৷ যি গৰাকী ব্যক্তিক লৈ আজি গৰ্বিত প্ৰতি গৰাকী অসমীয়া ৷

স্বাভাৱিকতে নীলমণি ফুকনৰ এই সাফল্য আৰু স্বীকৃতি প্ৰাপ্তিয়ে অসমীয়া সাহিত্যৰ স’তে জড়িত সকলোকে উদ্বুদ্ধ কৰি তুলিছে‌ ৷

অসমৰ স্বনামধন্য কবিগৰাকীৰ জীৱনৰ বিয়লি বেলাত পোৱা স্বীকৃতিৰ বাবে আজি সমগ্ৰ ৰাজ্যখনতে ভিন্ন কাৰ্যসূচীৰ জৰিয়তে আৰু অধিক উৎসাহ, অনুপ্ৰেৰণা আৰু মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যৰে আয়োজন কৰিছে অভিনন্দল কাৰ্যসূচী ৷ ঠিক সেইদৰে বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগতো কালি সন্ধিয়া জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনলৈ অভিনন্দন শীৰ্ষক এক গীত আৰু কবিতাৰ আবেলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাৰ প্ৰৱক্তা ড° ৰাতুল ডেকাই আঁতধৰা অনুষ্ঠানটোত কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° আজিজুৰ ৰহমানে কবি “নীলমণি ফুকনঃ জীৱন আৰু প্ৰজ্ঞা“ৰ ওপৰত মুখ্য বক্তা হিচাপে নিজৰ বক্তৃতা প্ৰদান কৰে ৷

ইপিনে, অনুষ্ঠানটোৰ আঁতধৰা ড° ডেকাই কবি নীলমণি ফুকনে কবিতাৰ মাধ্যমেৰে যি সন্মান আৰু স্বীকৃতি লাভ কৰিলে সেয়া প্ৰতি গৰাকী অসমীয়া কবি, সাহিত্যিকৰ বাবে এক প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰি অসমীয়া ভাষাৰ লগতে অসমৰ আন বিভিন্ন জাতি-জনগোষ্ঠীয় ভাষা-সাহিত্যৰ বিকাশ কামনা কৰে ৷ উল্লেখ্য যে অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে ড° বিভূতিলোচন শৰ্মাই ৷

উদ্বোধনী ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙে ৷ অভিনন্দন পত্ৰ পাঠ কাৰে ড° ডেইজীৰাণী ডেকাই আৰু শলাগৰ শৰাই আগবঢ়াই ড° চুমী কাকতিয়ে ।

Exit mobile version