Bird Flu : কেৰালাত বাৰ্ড ফ্লু-ৰ সংক্ৰমণ, আক্ৰান্ত ২৬

পুনৰ বার্ড ফ্লু-ৰ সংক্রমণ কেৰালাত । আলাপুঝা জিলাত সম্প্ৰতি ২৬ জনৰ তেজত বার্ড ফ্লু-ৰ ভাইৰাছ ‘এইচৱানএনৱান’-ৰ সন্ধান পোৱা গৈছে বুলি জনাইছে ৰাজ্যৰ পশুপালন বিভাগে । সংক্রমণ বৃদ্ধি নাপাবৰ বাবে আলাপুঝা জিলাত বৃহস্পতিবাৰে কঠোৰ সতর্কতা (‘হাই এলার্ট’) জাৰি কৰিছে কেৰালা চৰকাৰে । সংক্রমণ ৰোধ কৰিবলৈ জিলাখনত ঘৰত থকা হাঁহ, কুকুৰা শুকুৰবাৰৰ পৰা গণহাৰত মৰা হ’ব বুলি চৰকাৰীভাৱে জনোৱা হৈছে । তাৰ বাবে চৰকাৰী নিয়ম মানি কৃষকসকলৰ ক্ষতিপূৰণ দিয়াৰো আশ্বাস দিয়া হৈছে ।

বিগত এসপ্তাহ ধৰি আলাপুঝাত বহু হাঁহ, কুকুৰা মৰা দেখি সংক্রমিত হৈছে বুলি সন্দেহ কৰি জিলাৰ ১৪০ জনৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে ভূপালৰ নেছনেল ইনষ্টিটিউট অৱ হাই ছিকিঅ’ৰিটি এনিমেল ডিজিজ-ত পঠায় কেৰালাৰ পশুপালন বিভাগে । তেওঁলোকৰ ভিতৰত তেজ পৰীক্ষাত ২৬ জন ‘পজিটিভ’ হৈছে বুলি চৰকাৰী সূত্রে জনোৱা হৈছে ।

আলাপুঝা আৰু চুবুৰীয়া জিলা কোট্টায়ামত হাঁহ, কুকুৰা পালনেই বহু লোকৰ জীৱিকা । এই সময়ছোৱাত তাত বহু পৰিভ্ৰমী পখী আহে । সিহঁতেই লগত লৈ আহে বার্ড ফ্লু ইনফ্লুয়েঞ্জাৰ ভাইৰাছ । বিগত বৰ্ষতো আলাপুঝাত বার্ড ফ্লু-ৰ সংক্রমণ উদ্বেগৰ কাৰণ হৈ পৰিছিল । ২০১৬-ত আলাপুঝা আৰু পাঠানামিট্টাত সৰ্বাধিক বার্ড ফ্লু সংক্রমণ হৈছিল । সেই বছৰ সংক্রমণ ৰোধ কৰিবলৈ ৫০ হেজাৰৰো অধিক পোহনীয়া হাঁহ, কুকুৰা মাৰা হৈছিল ।

বার্ড ফ্লু বা এভিয়ান ফ্লু ভাইৰাছৰ কে’বাটাও ৰূপ আছে । বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে ইয়াৰ ‘এইচছেভেনএননাইন’ ৰূপটিকেই আটাইতকৈ বিপজ্জনক আখ্যা দিছে ।

কেৰালাৰ পশুপালন বিভাগে জনাইছে, আলাপুঝাত যি ২৬ জন বাসিন্দাৰ তেজত বার্ড ফ্লু ভাইৰাছৰ উপস্থিতি পোৱা গৈছে তাত এই পর্যন্ত ‘এইচছেভেনএননাইন’ ৰূপ পোৱা নাই । ভাইৰাছৰ ‘এইচৱানএনৱান’ ৰূপৰ সন্ধান পোৱা গৈছে ।

Exit mobile version