Deepika Padukone : দীপিকাসহ ‘৮৩’ ছবিৰ প্রযোজকৰ বিৰুদ্ধে প্রতাৰণাৰ অভিযোগ

image

মুক্তিৰ দুসপ্তাহ আগতে শিৰোনাম দখল কৰিলে ৰণবীৰ সিং-দীপিকা পাডুকন অভিনীত ছবি ‘৮৩’য়ে । বিপাকত পৰিল ছবিৰ প্রযোজকসকল । কবীৰ খান, ছাজিদ নাদিয়াদৱালাৰ স’তে নাম জড়িত হ’ল দীপিকা পাডুকনৰো । প্রতাৰণাৰ অভিযোগ উত্থাপিত হৈছে ভাৰতৰ ক্রিকেট-ইতিহাসৰ মাইল খুটি সংক্রান্ত ছবিৰ প্রযোজনা সংস্থা আৰু নির্মাতাসকলৰ বিৰুদ্ধে ।

সংযুক্ত আৰৱ আমিৰশ্বাহীৰ এজন ব্যৱসায়ীয়ে আন্ধেৰীৰ মেজিষ্ট্ৰেট আদালতত ফৌজদাৰী গোচৰত অভিযোগ দাখিল কৰিছে । ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত দাখিল কৰা হৈছে গোচৰটো । তেওঁৰ অধিবক্তা ৰিজৱান ছিদ্দিকিয়ে জনাইছে, ব্যৱসায়ীজনে ‘৮৩’ ছবিখন প্ৰস্তুত কৰিবৰ বাবে প্রায় ১৬ কোটি টকা দিছিল । কিন্তু ক’ত কিমান ব্যয় হ’ব — ব্যৱসায়ীজনৰ পৰা লিখিতভাৱে অনুমতি লোৱা হোৱা নাছিল । ইয়াৰ উপৰি তেওঁক প্রতিশ্রুতি দিয়া হৈছিল, তেওঁ এই ছবিখনৰ পৰা বৃহৎ পৰিমাণৰ টকা ঘূৰাই পাব । কিন্তু প্রতিশ্রুতি অনুযায়ী টকা পোৱা নাই ।

অহা ২৪ ডিচেম্বৰত মুক্তি পাব কবীৰ পৰিচালিত ‘৮৩’ । কপিল দেৱৰ ভূমিকাত অভিনয় কৰিছে ৰণবীৰ সিঙে । তেওঁৰ পত্নীৰ ভূমিকাত দেখা যাব দীপিকাক । তদুপৰি পংকজ ত্রিপাঠী, তাহিৰ ৰাজ ভাছিনকো গুৰুত্বপূর্ণ চৰিত্রত দেখা যাব । হিন্দী, তামিল, তেলুগু, কন্নড় আৰু মালয়লাম ভাষাত মুক্তি পাব ‘৮৩’ ।

Exit mobile version