মহিলা নহয়, পুৰুষৰ বাবেহে তৈয়াৰ কৰা হৈছিল হাইহিল জোতা

1620766548 marc jacobs high heels fashion history

ফেশ্বন জগতত হাইহিল জোতা-ছেণ্ডেলৰ এক সুকীয় স্থান আছে। মহিলাসকলে হাইহিল পিন্ধিবলৈ বৰ ভাল পায়। শৰীৰৰ উচ্চতা কৃত্রিমভাৱে বৃদ্ধি কৰিবলৈ একাংশ মহিলাই যিদৰে হাইহিলৰ জোতা পৰিধান কৰে, তেনেদৰে বহুতে ফেশ্বন আৰু ষ্টাইলৰ বাবেও হাইহিল পৰিধান কৰা দেখা যায়।

কিন্তু আপুনি জানি আচৰিত হ’ব যে মহিলাৰ বাবে নহয়, প্রথমে হাইহিল পাদুকা তৈয়াৰ কৰা হৈছিল পুৰুষৰ বাবেহে। এই বিশ্বত পুৰুষেহে প্রথম হিল জোতা পৰিধান কৰিছিল।

অবিশ্বাস্য লাগিলেও সত্য আৰম্ভণিতে হিল থকা জোতা তৈয়াৰ কৰা হৈছিল পুৰুষৰ বাবেহে। দৰাচলতে পুৰুষৰ বাবে হিল জোতা-ছেণ্ডেল এই কাৰণত তৈয়াৰ কৰা হৈছিল যাতে সেই পাদুকা তেওঁলােকে যুদ্ধক্ষেত্ৰলৈ যাওঁতে পৰিধান কৰিব পাৰে।

বিশেষকৈ অশ্বচালকৰ বাবে তৈয়াৰ কৰা হৈছিল হাইহিলৰ পাদুকা। ঘোঁৰচালনাৰ সময়ত হাইহিল পিন্ধিলে ভৰিৰে ভালদৰে খােপনি পিটি ঘোঁৰাক নিয়ন্ত্রণ কৰাত সহায় হয় বাবে অশ্বচালকে এনে দীঘল হিল থকা জোতা পৰিধান কৰিছিল।

এইদৰেই বিশ্বত হাইহিলৰ আগমন ঘটিছিল আৰু পুৰুষে প্রথমে এই জোতা পিন্ধিছিল। হাইহিল প্রথম প্রচলন দশম শতাব্দীৰ পৰা আৰম্ভ হৈছিল।

সর্বপ্রথমে হাইহিল পৰিধান কৰিছিল পার্টিয়া সাম্রাজ্যৰ পুৰুষসকলে। যুদ্ধৰ সময়ত এইখন সাম্রাজ্যৰ পুৰুষে হাইহিলৰ জোতা পৰিধান কৰিছিল। যুদ্ধক্ষেত্ৰত সুৰক্ষাৰ দিশৰ পৰা হাইহিলক সৰাততকৈ উত্তম বিবেচনা কৰা হৈছিল।

১৫৯৯ বৰ্ষত যেতিয়া পার্টিয়াৰ ৰজা শাহ আব্বাছে নিজৰ ৰাষ্ট্রদূতক ইউৰােপলৈ প্ৰেৰণ কৰিছিল, তেতিয়া ৰাষ্ট্রদূতজনে হাইহিল পিন্ধি ইউৰােপত উপস্থিত হৈছিল।

সেয়ে প্ৰথমবাৰ ইউৰেপে হাইহিল প্রত্যক্ষ কৰিছিল আৰু ইয়াৰ পাছত ইউৰােপৰ লগতে বিশ্বৰ আন বহু দেশত হাইহিল পৰিধানৰ ফেশ্বন আৰম্ভ হৈছিল।

আঢ্যন্ত লােকৰ লগতে ৰজা- মহাৰজাৰ মাজত ক্রমে হাইহিল এক আভিজাত্যৰ প্ৰতীকত পৰিণত হৈছিল। ফ্ৰান্সৰ ৰজা চতুর্দশ লুইয়ে ১০ ইঞ্চি দীঘল হিলৰ জোতা পৰিধান কৰিছিল, কিয়নাে সম্রাটৰ উচ্চতা আছিল পাঁচ ফুট চাৰি ইঞ্চি। ১৭৪০ বৰ্ষৰ পৰাহে মহিলাৰ মাজত প্রথম হাইহিল পৰিধানৰ ফেশ্বন আৰম্ভ হৈছিল।

ইয়াৰ পাছতে পুৰুষৰ পৰা হাইহিলৰ ফেশ্বনক কাঢ়ি ল’লে মহিলাই। ইয়াৰ পৰবৰ্তী ৫০ বছৰত পুৰুষৰ মাজত হাইহিলৰ প্রচলন হ্রাস পােৱাৰ বিপৰীতে মহিলাৰ ফেশ্বনত সর্বাধিক জনপ্রিয় হৈ উঠে।

লগে লগে ইয়াৰ আকাৰ আৰু ডিজাইনাে সলনি হ’বলৈ ধৰিলে। আজিও মহিলাৰ ফেশ্বনত হাইহিল সবাতােকৈ অধিক প্রচলিত। অৱশ্যে স্বাস্থ্য বিশেষজ্ঞৰ মতে হাইহিল পৰিধান কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

Exit mobile version